গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে বাঘ যদি ভাবে তেন্তে বাঘৰ দৰে থাকিব লাগে । নিগনি, মেকুৰীৰ দৰে থাকিব নাগাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই ।
শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মালিকানাধিন এখন বাতৰি কাকতত প্ৰকাশ পোৱা এটা বাতৰিক লৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Congress reacts to a news item) । তেওঁ কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিবাৰৰ নামত হাউচিঙৰ এটা ঘৰ আছিল যদিও ২০২১ বৰ্ষৰ ২০ ডিচেম্বৰত ঘৰটো হাউচিং বোৰ্ডক চমজাই দিয়া হয় । বাতৰিত প্ৰকাশ পোৱাৰ দৰে ঘৰটো দখল কৰি থকা নাই ।
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কাকত হোৱা বাবেই মিছাতেই বাতৰিটো কৰা হ'ল ।
অসমত একনায়কত্ববাদী শাসন চলি আছে : প্ৰদেশ কংগ্ৰেছ ভূপেন বৰাই তেওঁৰ পত্নীৰ নামত থকা ঘৰটো চৰকাৰক ঘূৰাই দিলে বুলি সদৰি কৰি তেওঁ মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ বিৰুদ্ধে থকা মাটি কেলেংকাৰীৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে (Land scam against chief minister family) । তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে সদিচ্ছা দেখুৱাই তেওঁৰ পৰিবাৰৰ নামত থকা কেলেংকাৰী মাটিখিনি ঘূৰাই দিয়ক । মুখ্যমন্ত্ৰীয়ে বাঘ হৈ জপিয়াম বুলি কয় যদিও ক'ত বাঘ হৈ জপিয়াইছে । বহু ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মেকুৰীৰ ভাও ধৰিছে বুলি তেওঁ কয় ।
আনহাতে, গুৱাহাটীৰ মাজ-মজিয়াৰ ৫৮ বিঘা ৰে'লৱেৰ মাটি তিনিজন বহিৰাগত বনিয়াক ৯৯ বছৰৰ বাবে লীজত দিয়া হৈছে । মাটিখিনি ৰে'লৱেৰ হ'লেও অসমৰ মাটি । গতিকে অসম চৰকাৰে ইয়াত হস্তক্ষেপ কৰিব পাৰিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, তেতিয়া বাঘটো ক'লৈ যায় ।
ইফালে পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকি প্ৰদান কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । আনহাতে, অসমীয়া বিদ্যালয়ত অনাঅসমীয়া শিক্ষক নিযুক্তি দিয়া প্ৰসংগটো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে বাঘৰ কথা কৈ নিগনিৰ দৰে আচৰণ কৰি অসমখন শেষ কৰিব বিচাৰিছে । মন্ত্ৰীসকলক অস্তিত্বহীন কৰি অসমত একনায়কত্ববাদী শাসন চলি আছে বুলি তেওঁ কয় ।
লগতে পঢ়ক :টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া