অসম

assam

ETV Bharat / state

কেবিনেটৰ সিদ্ধান্ত: এতিয়াৰ পৰা প্ৰয়োজন নহ'ব পুলিছ ভেৰিফিকেচনৰ - assam cabinet

অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক নিমাতীঘাটৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ । যোৰহাট আৰক্ষীক ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ । নিয়োগৰ ক্ষেত্রত প্ৰয়োজন হোৱা পুলিছ ভেৰিফিকেচন এতিয়‍াৰে পৰা আৰু নালাগিব । আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ জানিবলৈ সৰ্বিশেষ পঢ়ক...

dicision of assam cabinet
কেবিনেটৰ সিদ্ধান্ত

By

Published : Sep 9, 2021, 10:18 PM IST

Updated : Sep 9, 2021, 10:59 PM IST

গুৱাহাটী, ৯ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী কেশৱ মহন্তই । লগত উপস্থিত থাকে মন্ত্রী সঞ্জয় কিষান ।

কেবিনেট বৈঠকৰ আৰম্ভণীতেই নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিহতৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় । মুখ্যমন্ত্ৰীয়ে মাজুলী আৰু নিমাতীঘাতৰ পৰিস্থিতিৰ বুজ লৈ অহাৰ পাচতে অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক নিমাতীঘাটৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ।

ঘটনা সন্দৰ্ভত তেওঁ এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । আনহাতে যোৰহাট আৰক্ষীক এটা ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

কেবিনেটৰ সিদ্ধান্ত: এতিয়াৰ পৰা প্ৰয়োজন নহ'ব পুলিছ ভেৰিফিকেচনৰ

লগতে পঢ়ক:নিমাতীঘাটৰ ট্ৰেজেডি : অসম জাতীয় বিদ্যালয়তো শোকাকুল পৰিৱেশ

কেবিনেটে মাজুলীৰ নিৰ্মিয়মান দলঙখনৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী অজন্তা নেওগক এন এছ আই ডি চি এলকে ধৰি নিৰ্মাণ কাৰ্যত জড়িত সকলৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছে । প্ৰত্যেক মাহে তেওঁ কামৰ অগ্ৰগতিৰ বুজ ল'ব আৰু কিবা অতিৰিক্ত সহায় লাগিলে চৰকাৰে আগবঢ়াব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী চাকৰিৰ নিয়োগৰ ক্ষেত্রত প্ৰয়োজন হোৱা পুলিছ ভেৰিফিকেচন এতিয়‍াৰে পৰা আৰু নালাগিব ।

প্ৰাৰ্থী সকলে নিজেই ক’ৰ্ট এফিডেফিট দিব লাগিব । এইক্ষেত্রত মিছাৰ আশ্ৰয় ল'লে চাকৰি যোৱাৰ লগতে আইনী শাস্তিৰ সন্মুখীন হ'ব লাগিব । আনহাতে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ডৰ ভিত্তিত অনলাইন পঞ্জীয়ন হ'ব । আধাৰ নথকা সকলে ১ এপ্ৰিলৰ ভিতৰত পঞ্জীয়ণ কৰিব পাৰিব ।

সেইদৰে এতিয়াৰে পৰা চৰকাৰী নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল-বালি আদিৰ বাবে ঠিকাদাৰসকলে বন বিভাগক ৰয়েল্টি দিব নালাগে । ইয়‍াৰ পৰিৱৰ্তে চৰকাৰী কামৰ ক্ষেত্ৰত ঠিকাদাৰ জনে বিল পোৱাৰ সময়ত ৰয়েল্টিৰ অংশ কাটি ৰখা হ'ব । কামৰ ক্ষেত্রত হোৱা স্থবিৰতা দূৰ কৰিবৰ বাবে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:ইটিভি ভাৰতৰ অভিযানত পোহৰলৈ আহিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ

সেইদৰে ব্যক্তিগত খণ্ডৰ বাবে চাৰিটা সমান ইনষ্টলমেণ্টত ৰয়েল্টি ট্ৰেজাৰিত জমা দিব লাগিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি দূৰসংযোগ শিক্ষাৰ শিক্ষানুষ্ঠ‍নসমূহে দিয়া ডিগ্ৰী, ডিপ্লমা আৰু প্ৰমানপত্র আদি সাধাৰণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ গণ্য কৰা হ'ব ।

আনহাতে, ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান নচলোৱা সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেইদৰে সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ’ব নোৱাৰিব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ কৰা হৈছে । ইফালে কেবিনেটত মুখ্যমন্ত্রীয়ে ব্যাপক হাৰত ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । এইক্ষেত্রত অভিভাৱক মন্ত্ৰী আৰু সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:নাও যাত্ৰীৰ মৃতদেহ বিচাৰি ছিকাৰিঘাটত দেৰগাঁও আৰক্ষীৰ অভিযান

Last Updated : Sep 9, 2021, 10:59 PM IST

ABOUT THE AUTHOR

...view details