গুৱাহাটী,২৩ এপ্ৰিল:মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ পাছত এইবাৰ কংগ্ৰেছে হৰ্ছ ট্ৰেডিঙৰ পৰা বাচিবলৈ আৰম্ভ কৰিছে হোটেল ৰাজনীতি। নিজৰ প্ৰাৰ্থীসকলক যাতে কোনেও ‘ক্ৰয়’ কৰিব নোৱাৰে তাৰ বাবে কংগ্ৰেছে হোটেল ৰাজনীতিৰ আশ্ৰয় লৈছে । অৱশ্যে কংগ্ৰেছে হৰ্ছ ট্ৰেডিঙৰ ভয়ত প্ৰাৰ্থীসকলক হোটেলত ৰখাৰ কথা অস্বীকাৰ কৰিছে । ই ভি এম আৰু ভি ভি পেট সন্দৰ্ভত প্ৰাৰ্থীসকলক কাৰিকৰী দিশত প্ৰশিক্ষণ দিয়াৰ বাবে হোটেলত সকলোকে একগোট কৰাৰ কথা দলৰ নেতৃত্বই সদৰি কৰিছে।
বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰখা হৈছে সোণাপুৰস্থিত দিচাং ৰিজ’ৰ্টত। বিশাল ৰিজ’ৰ্টখনৰ আটাইকেইটা কোঠা বুক কৰিছে কংগ্ৰেছে। ইতিমধ্যে কংগ্ৰেছৰ প্ৰায় ৬৫ গৰাকী প্ৰাৰ্থীয়ে ৰিজ'ৰ্টখনত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে ।
২৬ এপ্ৰিললৈ ৰিজ'ৰ্টৰ কোঠাসমূহ বুক কৰা হৈছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ এটা সূত্রই জনোৱা মতে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলকো ৰিজ'ৰ্টখনত ৰখা হ'ব। ইফালে ৰিজ'ৰ্টখনত ৰখা কংগ্ৰেছ প্ৰাৰ্থীসকলৰ বাবে পৃথকে ‘চাৰ্ভিচ বয়’ৰ ব্যৱস্থা কৰা হৈছে। ৰিজৰ্টৰ ভিতৰত একপ্ৰকাৰ নজৰবন্দী হৈ থকা প্ৰাৰ্থীসকলৰ বাবে বিলাসিতাৰ সকলো ব্যৱস্থা কৰা হৈছে।