অসম

assam

By

Published : Oct 23, 2022, 8:05 AM IST

Updated : Oct 23, 2022, 2:26 PM IST

ETV Bharat / state

Alcheringa IIT Guwahati: আলচেৰিংগাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ড° দিব্যজ্যোতি শইকীয়াই

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনল'জী চমুকৈ আই আই টি গুৱাহাটীত ২০২৩ বর্ষৰ বিখ্যাত আলচেৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰ দেওবাৰে অনুষ্ঠিত কৰা হ'ব 'ঐক্যম' নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই(Dibyajyoti Saikia to attend alcheringa programme) ।

dibyajyoti saikia to attend alcheringa programme
আলচেৰিংগাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ড° দিব্যজ্যোতি শইকীয়াই

গুৱাহাটী, ২৩ অক্টোবৰ: দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনল'জী চমুকৈ আই আই টি । আই আই টিতেই আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত আলচেৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰ দেওবাৰে অনুষ্ঠিত কৰা হ'ব 'ঐক্যম' নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী(Alcheringa IIT Guwahati) । উক্ত কাৰ্যসূচীত উপস্থিত থাকিব বিশিষ্ট চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়া(Dibyajyoti Saikia to attend alcheringa programme) ।

ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো দেশত সাম্প্ৰদায়িক সদভাৱৰ অভাৱ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীস্থিত আই আই টিত অধ্যয়নৰত দেশ-বিদেশৰ ছাত্ৰ সমাজে বিষয়টো অনুধাৱন কৰি "ঐক্যম" নামেৰে এক কাৰ্যসূচীৰ আয়োজন কৰিছে(Communal harmony and peace) । ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰখা ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্জ্বলবলৈ সক্ষম হোৱা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াই বিভিন্ন ক্ষেত্ৰত দেশ তথা মানৱ সমাজৰ হকে সেৱা আগবঢ়ায় আহিছে ।

ডাইনীকাণ্ড, অন্ধবিশ্বাস আদি কুসংস্কাৰ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰাৰ লগতে উপযুক্ত শিক্ষামূলক সজাগতা অনুষ্ঠানৰ যোগেদি সাম্প্ৰদায়িক একতা, মানৱতা আৰু শান্তি স্থাপনৰ হেতু সেৱা আগবঢ়াই আহিছে শইকীয়াই । তেওঁ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন বিষয়ত সমগ্ৰ দেশতে সজাগতা অভিযান আৰু সংবেদনশীলতা কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । ড° শইকীয়াৰ এনে উল্লেখযোগ্য সেৱাৰ বাবে আন্তৰ্জাতিক শান্তি বঁটাকে আদি কৰি শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

আনহাতে আলচেৰিংগা অনুষ্ঠানৰ 'ঐক্যম'ৰ দ্বিতীয় দিনাৰ এই কাৰ্যসূচীত ড° দিব্যজ্যোতি শইকীয়াৰ লগতে অসমৰ একমাত্ৰ কমাণ্ডু বেটেলিয়ানৰ কামাণ্ডেণ্ট আই পি এছ প্ৰতীক ভি থুবে, সাংবাদিক, হিন্দী দৈনিক পূৰ্ব্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ আৰু বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত উপস্থিত থাকিব । উল্লেখ্য যে উক্ত অনুষ্ঠানটি ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দেওবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:6 Diphu Govt Girls High School : ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহ

Last Updated : Oct 23, 2022, 2:26 PM IST

ABOUT THE AUTHOR

...view details