অসম

assam

By

Published : Oct 1, 2020, 1:33 PM IST

ETV Bharat / state

বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বন

ৰাজ্য কপাইযোৱা SI কাণ্ডৰ অভিযুক্ত বিজেপিৰ নেতা দিবন ডেকাক দলৰ পৰা নিলম্বন কৰিলে ৰাজ্যিক বিজেপিয়ে ৷

dibon deka suspended assam bjp
বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বন

গুৱাহাটী, ১ অক্টোবৰঃ ৩০ ছেপ্টেম্বৰৰ নিশা ৰহস্যজনকভাবে আত্মসমৰ্পন কৰা আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাক আজি বিজেপিয়ে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰে । প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ডাঃ ৰাজদীপ ৰায়ে এক বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে ।

বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বন

দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে তাৎক্ষনিক ভাবে কাৰ্যকৰী হোৱাকৈ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বনৰ নিৰ্দেশ দিছিল ।

উল্লেখ্য যে, দিবন ডেকাক গ্ৰেপ্তাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিপূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীকো জনাইছিল অনুৰোধ ।

লগতে পঢ়কঃ হাথৰছ কাণ্ডৰ প্ৰতিবাদত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ মৌন সমদল

ABOUT THE AUTHOR

...view details