গুৱাহাটী, 11 নৱেম্বৰ :দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰ হোৱা দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক তিনিদিনলৈ CID ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । দুয়োগৰাকীক শুক্ৰবাৰে CID য়ে কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়িক আদালতত হাজিৰ কৰাইছিল ।
কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়িক আদালতে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক তিনিদিনলৈ CID ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে (Suspended Darrang SP Rajmohan Rai) ৷
ইয়াৰ পিছতে দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাও অৱশেষত গুৱাহাটীৰ CID ৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰিছিল । পৰৱৰ্তী সময়ত দুয়োকে CID য়ে গ্ৰেপ্তাৰ কৰে । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰৰ ভয়তে পলাতক হৈ আছিল আশীৰ্বাদ হাজৰিকা । যোৱা বুধবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে CID য়ে আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল ।
উল্লেখ্য যে, দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষী অনুসন্ধান বিভাগ CID ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । আত্মসমৰ্পণৰ পিছতে CID য়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজমোহন ৰায়ক । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত (Dhula rape and murder case) পলাতক হৈ আছিল ৰাজমোহন ৰায় । গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন ৰায়। যোৱা বুধবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে CID য়ে ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল ।
লগতে পঢ়ক :Dhula Minor Girl Murder Case : ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই