গুৱাহাটী, ৬ অক্টোবৰ :মঙলবাৰে মহানগৰীত দিন দুপৰতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধীৰেনপাৰাত মঙলবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছিল তীব্ৰ চাঞ্চল্যই ৷
ইতিমধ্যে এই ডকাইতি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গণেশ দাস নামৰ এজন ব্যক্তিৰ লগতে আটক কৰিছে 4 জনকৈ লোকক ৷ ইফলে মঙলবাৰে ডকাইতৰ দলটোৱে লৈ অহা AS-01DJ-9604 নম্বৰৰ ডাষ্টাৰ বাহনখন ঘটনাস্থলীতে এৰি পলায়ন কৰিছিল ৷ সম্প্ৰতি ডাষ্টাৰ বাহনখন আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷
আৰক্ষীৰ সন্দেহ ডকাইতি কাণ্ডৰ সময়ত ব্যৱহাৰ কৰা জব্দকৃত ডাষ্টাৰখন আটকাধীন গণেশ দাসৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, গণেশ দাস 10 ApBN ৰ জোৱান । আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা গুলীৰ খালী কাৰ্টিজটোত পুলিচৰ গুলী বুলি সন্দেহ কৰা হৈছে । অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও মুখ খোলা নাই ।