খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা - অসম আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া news
কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰখন পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ ৷
গুৱাহাটী, 14 আগষ্ট : ৭৩ সংখ্যক স্বাধীনতা দিবসলৈ মাত্ৰ কেইটামান মুহূৰ্ত । ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই ৭৩ সংখ্যক স্বাধীনতা দিৱস । কেন্দ্ৰীয় ভাৱে খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । সেই সন্দৰ্ভত বুধবাৰে খেল পথাৰ খন পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে । খেল পথাৰ খনৰ পৰিস্থিতিৰ বুজ লয় শীৰ্ষ বিষয়া কেইগৰাকীয়ে । লগতে যাতে কোনো কূটাঘাত পৰিকল্পনা কৰিব নোৱাৰে তাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ।