গুৱাহাটী,১৫ ফেব্ৰুৱাৰী: দীর্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ আৰক্ষী আয়ুক্তালয়ৰ লগতে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষীক নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Assam Police held crime meeting) । বুধবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্ৰান্তীয় এক বৈঠকত জিলাসমূহৰ অপৰাধজনিত গোচৰসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কেতবোৰ নিৰ্দেশনা দিয়ে (Assam Police crime meeting) ।
সেই অনুসৰি নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা, গোচৰ পঞ্জীয়ন, বিচাৰ প্ৰক্ৰিয়াত লোক অধিবক্তাক যথাযত সহযোগিতা আগবঢ়াই আদালতত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰা, সময়মতে সাক্ষীৰ উপস্থিতি নিশ্চিত কৰা আদি বিষয়সমূহত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰে (Assam DGP orders speed up investigation)।
অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মাণ্ডলিক আৰক্ষী মহাপৰিদৰ্শক আৰু উপ-আৰক্ষী মহাপৰিদৰ্শকৰ উপৰিও ৰাজ্যৰ জিলাসমূহৰ সকলো অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰু গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) উপস্থিত থকা এই বৈঠকত প্ৰতি মাহে এনে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যিক পৰ্যায়ৰ এনে বৈঠক আৰক্ষী মুখ্য কাৰ্যালয় অথবা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ বিপৰীতে জিলা পৰ্যায়ৰ বৈঠকসমূহ আৰক্ষী মহা-পৰিদৰ্শক অথবা উপ-আৰক্ষীৰ মহাপৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব (Assam DGP GP Singh) ।