গুৱাহাটী, ২৯ নৱেম্বৰ :এ পি এছ চি কেলেংকাৰীৰ তিনি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ অভিযোগনামা দাখিল কৰিব আৰক্ষীয়ে, এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । সংবাদ মাধ্যমৰ আগত তেওঁ কয় এ পি এছ চি কেলেংকাৰীত যি সকলৰ বিৰুদ্ধে তথ্য পোৱা যাব কাকো ৰেহাই দিয়া নহ’ব । ইতিমধ্যে তদন্তৰ বাবে SIT TEAM গঠন কৰি দিয়া হৈছে । তেওঁলোকে তদন্তৰ কাম নিয়াৰিকৈ কৰি আছে ।
প্ৰাক্তন ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পিচতো যদি কোনো বিষয়াৰ বিৰুদ্ধে কেলেংকাৰীৰ প্ৰমাণ পোৱা যায়, তেতিয়া নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত কৰা হ’ব । ইপিনে অতিৰিক্ত বহুখিনি ফৰেনচিক ৰিপ’ৰ্টৰ দৰকাৰ থকাৰ কথা উল্লেখ কৰে তদন্ত প্ৰক্ৰিয়াত । বহু তথ্যৰ এতিয়া ফৰেনচিকত পৰীক্ষা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে । সেয়ে যথোপযুক্ত তথ্যপাতি সংগ্ৰহৰ চেষ্টা চলাই আছে তদন্তকাৰী দলে । অভিযোগ অনুযায়ী সকলো অভিযুক্তৰ বিৰুদ্ধে পৃথক পৃথক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।