গুৱাহাটী,2 ফ্ৰেব্ৰুৱাৰী: অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ(DGP GP Singh) উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলো বিষয়াই অংশ গ্ৰহণ কৰে । গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে ‘ভার্চুৱেল’ মাধ্যমেৰে বৈঠকত অংশ লয় ।
এই বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যৰ সকলোবোৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা 11.30 বজাৰ পৰা বিয়লি 1.30 বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব । বিষয়াগৰাকীয়ে ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব । এই ব্যৱস্থা অহা 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব(New instructions for Assam police) ।
সেইদৰে জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটীৰ দিন বাধ্যতামূলক কৰা হ'ব(Week off for Assam police personals) । অৱশ্যে এই নিয়ম থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি ‘চার্জ পোষ্ট’ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।