গুৱাহাটী, ১২ ফ্ৰেব্ৰুৱাৰী :সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নতুন নিৰ্দেশনা (Assam DGP new directive)। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা আৰম্ভ হ'ব ।
এই অনুসৰি প্ৰতিটো কৰ্মদিনত কাৰ্যালয়সমূহত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব লাগিব । লগতে বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব লাগিব । ইতিমধ্যে সকলো কাৰ্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে (Assam Police efforts to redress public grievances)।
এইক্ষেত্ৰত জিলা কাৰ্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ'লে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দায়িত্বশীল বিষয়াক অৱগত কৰিব পাৰিব । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে এই ব্যৱস্থা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে (G P Singh new directive to Assam Police)। তেওঁ লগতে এইক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলিও বিষয়াসকলক সতর্ক কৰি দিয়ে ।
উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ২ ফেব্ৰুৱাৰীত জি পি সিঙে অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । বৈঠকত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলো বিষয়াই অংশগ্ৰহণ কৰিছিল । গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে 'ভার্চুৱেল' মাধ্যমেৰে বৈঠকত অংশ লৈছিল ।