অসম

assam

By

Published : Jul 24, 2020, 6:46 PM IST

Updated : Jul 24, 2020, 9:23 PM IST

ETV Bharat / state

বিশেষভাৱে সক্ষম শিশুক আৰক্ষীৰ প্ৰহাৰৰ বাবে দুখ প্ৰকাশ ডিজিপিৰ

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া সান্ধ্য আইন চলি থকাৰ সময়ত মহানগৰীৰ শান্তিপুৰ অঞ্চলৰ এজন লোকে তেওঁৰ বিশেষভাৱে সক্ষম শিশু পুত্ৰক মটৰ চাইকেলত বহুৱাই ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহি থাকোতেই বাটত আৰক্ষীৰ জোৱানে শিশুটিক বেয়াকৈ প্ৰহাৰ কৰে । কিছসময় পিছতে শিশুটিৰ পিতৃয়ে সামাজিক মাধ্যম যোগে এই ঘটনা ৰাজহুৱা কৰাত অসম আৰক্ষীক সকলোৱে ধিক্কাৰ দিবলৈ আৰম্ভ কৰে ।

DGP Bhaskarjyoti mahanta
ভাস্কৰজ্যোতি মহন্ত

গুৱাহাটী, ২৪ জুলাই:বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ এটি বিশেষভাৱে সক্ষম শিশুক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ বাবে আজি দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনা অনিচ্ছাকৃত বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা "জুম" যোগে এক সংবাদমেলত ভাগ লৈ মহন্তই কয় যে এই ঘটনাটোৰ বাবেই যাতে অসমৰ ৰাইজে অসম আৰক্ষীক অন্য দৃষ্টিৰে গ্ৰহণ নকৰে ।
লগতে পঢ়কঃকদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই
তেওঁ কয় যে এতিয়াৰে পৰা ভুলবশতঃ হ'লেও যদি কোনো আৰক্ষী বিষয়া বা জোৱানে এনেধৰণৰ ঘটনা সংঘটিত কৰে তেন্তে তেওঁৰ বিৰুদ্ধে নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া সান্ধ্য আইন চলি থকাৰ সময়ত মহানগৰীৰ শান্তিপুৰ অঞ্চলৰ এজন লোকে তেওঁৰ বিশেষভাৱে সক্ষম শিশু পুত্ৰক মটৰ চাইকেলত বহুৱাই ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহি থাকোতেই বাটত আৰক্ষীৰ জোৱানে শিশুটিক বেয়াকৈ প্ৰহাৰ কৰে । কিছসময় পিছতে শিশুটিৰ পিতৃয়ে সামাজিক মাধ্যম যোগে এই ঘটনা ৰাজহুৱা কৰাত অসম আৰক্ষীক সকলোৱে ধিক্কাৰ দিবলৈ আৰম্ভ কৰে । তাৰ পিছতে আজি ততাতৈয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি এই ঘটনাৰ বাবে ক্ষমা বিচাৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
লগতে পঢ়কঃৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ?
তেওঁ লগতে এই বুলিও কয় যে অসম আৰক্ষীয়ে শিশুসকলৰ বাবে সুদীৰ্ঘ সময়জুৰি বহু কাম কৰি আহিছে । 1200 তকৈও অধিক পিতৃ-মাতৃহাৰা শিশুৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি সকলো দায়িত্ব অসম আৰক্ষীয়ে লৈ আহিছে । তেনেক্ষেত্ৰত কালিৰ ঘটনাটোৱে যাতে আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ মাজত ভুল ধাৰণা এটাৰ সৃষ্টি নকৰে । ইতিমধ্যে অসম আৰক্ষীয়ে শিশু মিত্ৰ ৰিচ'ৰ্ছ চেন্টাৰ এটাও শিশুসকলক সহায়ৰ বাবে স্থাপন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে ।

Last Updated : Jul 24, 2020, 9:23 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details