গুৱাহাটী, ২৭ আগষ্ট: বহু আশাৰে কাইলৈ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ 8,52,181 গৰাকী শিক্ষিত যুৱক-যুৱতী (Assam Grade 3 recruitment written exam)৷ যোৱা 21 আগষ্টত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত দেওবাৰেও অনুৰূপ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে ৰাজ্য চৰকাৰে (Assam recruitment exam 2022)৷
21 আগষ্টৰ দৰেই 28 আগষ্টৰ পৰীক্ষাত নিষিদ্ধ কৰা হৈছে মোবাইল ফোনৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী (Internet ban during exam hour)৷ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কৰা হ’ব তন্ন-তন্নকৈ ৷ সমগ্ৰ বিষয়টোৰ সম্পৰ্কত শনিবাৰে সংবাদমেল সম্বোধন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta)৷
দেওবাৰে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সন্দৰ্ভত অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে সংবাদমেলযোগে প্ৰদান কৰা এক মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ পৰীক্ষাৰ্থীসকলে যাতে কোনোধৰণৰ অনিয়ম নকৰে তাৰ প্ৰতি আহ্বান জনাবলৈ গৈ ‘‘পিঠি ফালি দিয়া হ’ব’’ বুলি কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে ৷