গুৱাহাটী, 16 জানুৱাৰী :এনকাউন্টাৰ চলিবই । কোনোবাই আমাক গুলী মাৰিলে আমিও গুলী মাৰিম ৷ এইটোৱেই এনকাউন্টাৰ- এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskar Jyoti Mahanta)৷ সোমবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
উল্লেখ্য যে, 2022 চনত ৰাজ্যত কিমান এনকাউন্টাৰৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে মন্তব্য কৰে (Encounter in Assam)। আৰক্ষী সঞ্চালক প্ৰধান মহন্তই 2022 ত কিমান এনকাউন্টাৰ হ'ল তাৰ উত্তৰ দিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত এনকাউন্টাৰৰ সঠিক নম্বৰ দিয়াৰ আশ্বাস দিয়ে ৷
আনহাতে ৰাজ্যত 2022 বৰ্ষত কিমান অপৰাধমূলক ঘটনা সংঘটিত হৈছে তাৰ তথ্য সংবাদমেলত সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । তেওঁ কয় যে 2021ৰ তুলনাত 2022 বৰ্ষত অপৰাধৰ সংখ্যা কম হয়৷ পূৰ্বতে ৰাজ্যত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে ৩৬৬ অপৰাধৰ ঘটনা সংঘটিত হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে 2022ত 200 টা অপৰাধৰ ঘটনা হয় প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৷
লগতে তেওঁ জনানিবলৈ দিয়ে যে 2021ত 94,000 গোচৰ অমীমাংসিত হৈ আছিল৷ আনহাতে 58908 টা গোচৰ অমীমাংসিত হয় 2022 ত । 2022 বৰ্ষত ৰাজ্যত 69439 টা গোচৰ ৰুজু হয় ৷ 2022 ত 48% গোচৰৰ অভিযোগনামা দাখিল কৰা হয় ৷ আনহাতে তেওঁ সংবাদমেলত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা গোচৰৰ সংখ্যা হ্ৰাস হোৱা বুলি মন্তব্য কৰে (Crime statistics in Assam)৷
2022 চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা 12,034 টা গোচৰ ৰজু হয় ৷ 2021 চনত 29046 টা মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ গোচৰ ৰুজু হৈছিল । শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ 2022ত 4306 টা ৷ 2021ত 5282 টা গোচৰ ৰুজু হৈছিল ।
ইপিনে মানৱ সৰবৰাহকাৰীৰ ঘটনাত 2022 চনত 96 টা গোচৰ ৰজু হৈছিল ৷ 2021 বৰ্ষত যাৰ সংখ্যা আছিল 203 টা ৷ Cyber crimeত 2022 বৰ্ষত 1781 গোচৰ ৰজু হৈছে ৷ 2021 ত আছিল 4846 গোচৰ ৷ Property crime 2022 ত 14381 ৷ 2022 বৰ্ষত 85 টা ডকাইতিৰ গোচৰ ৰুজু হৈছে ৷ 2021 যাৰ সংখ্যা আছিল 188 টা ৷
66 কোটি টকাৰ ডকাইতি সম্পত্তি উদ্ধাৰ কৰা হৈছে 2022 ত ৷ 2022 ত হত্যাকাণ্ডৰ গোচৰো হ্ৰাস পোৱা বুলি মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই ৷ NDPS Act ৰ অধীনত 2022 ত 2878 টা গোচৰ ৰুজু হৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰী 4691 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷