অসম

assam

ETV Bharat / state

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা: ভাস্কৰজ্যোতি মহন্ত - SPOৰ পদৰ নিযুক্তি

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল । অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষাৰ ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ (Assam police constable appointment) ।

Assam police constable appointment
অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা: ভাস্কৰজ্যোতি মহন্ত

By

Published : May 15, 2022, 9:36 PM IST

গুৱাহাট, ১৫ মে’: অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল । অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষাৰ ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ (Assam police constable appointment)। পদসমূহ সমপৰ্যায়ৰ হোৱাৰ বাবে একেলগে পৰীক্ষা কৰা বুলি জনায় ভাস্কৰজ্যোতি মহন্তই ৷

উক্ত পৰীক্ষাসমূহৰ শাৰীৰিক পৰীক্ষা কেন্দ্ৰ আছিল মুঠ ৩৩ টা । বিপৰীতে ২০ ফেব্ৰুৱাৰীত ছেবাই ১০ খন জিলাত পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল । সৰ্বমুঠ ১৪ টা শাখাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল । ফলাফল ঘোষণাৰ বাবে দুমাহৰ সময় প্ৰয়োজন হয় বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । ফলাফল ঘোষনাত পলম হোৱাৰ প্ৰসংগত তেওঁ কয়, ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ চাৰ্টিফিকেট ভুৱা আছিল (Fake documents of Assam police candidate)। সেইসমূহ পৰীক্ষা কৰোতে প্ৰয়োজন হৈছিল যথেষ্ট সময়ৰ । বিসংগতিপূৰ্ণ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থীৰ বিৰুদ্ধে চি আই ডিত ৫/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও লগতে তেওঁ কয় ।

অসম আৰক্ষীৰ সদ্য নিযুক্তি সম্পূৰ্ণ স্বচ্ছ আৰু নিকা: ভাস্কৰজ্যোতি মহন্ত

ইফালে ১৫৪ টা SPOৰ পদৰ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ থকা বাবে শনিবাৰে নিযুক্তি দিব পৰা নগ’ল (Gauhati high court Court on SPO appointment) । এতিয়া অৱশ্যে ন্যায়ালয়ে নিযুক্তিৰ দিয়া নিৰ্দেশ দিছে । ন্যায়ালয়ৰ নিৰ্দেশ পালেই কাম-কাজ আগবঢ়াই নিয়া হ’ব বুলিও মহন্তই কয় । সদ্য নিযুক্তি প্ৰক্ৰিয়াত কনিষ্টবলৰ UB শাখাত মহিলাৰ প্ৰতিনিধিত্ব ৩০ শতাংশলৈ বৃদ্ধি প্ৰচেষ্টা কৰা হয় বুলিও অসম আৰক্ষী সঞ্চালকগৰাকীয়ে কয় । এইসমূহৰ নিযুক্তিত UB ত ২৩.৭৯% মহিলাই নিযুক্তি লাভ কৰে ।

আনহাতে ইতিমধ্যে হৈ যোৱা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা হ’ব বুলিও মহন্তই কয় । তেওঁ জানিবলৈ দিয়া মতে ফলাফল ওলাব লগা মুঠ পদৰ সংখ্যা প্ৰায় ৫ হাজাৰ । ইফালে নৱনিযুক্ত কনিষ্টবলসকলক ডিজিপিয়ে সতৰ্ক হোৱাৰ আহ্বান জনাই কয়, মধ্যভোগী জালত নপৰিব । কোনোবা মধ্যভোগীয়ে জোতা, কাপোৰ, ট্ৰাংক আদি কিনি দিব বিচাৰিলে নল'ব ।

লগতে পঢ়ক:Youth Joins ULFA I: পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

ABOUT THE AUTHOR

...view details