গুৱাহাটী,১০ মাৰ্চ: আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূল দিৱস । এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে বিশেষকৈ ১ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ল’ৰা-ছোৱালী পেটত থকা কৃমি, ইয়াৰ প্ৰকাৰ, প্ৰতিৰোধৰ কৌশল উদ্ভাৱন আৰু সম্পূৰ্ণভাৱে ইয়াৰ নিৰ্মূলকৰণ কৰা । মানুহৰ পেটৰ ভিতৰত এই পৰজীৱী পেলুৱে মানৱ শৰীৰৰ পোষক আৰু খনিজ পদাৰ্থ শোষণ কৰাৰ ফলত শৰীৰত বিভিন্ন প্ৰকাৰৰ বেমাৰে দেখা দিয়ে(Deworming Day celebrated in Guwahati) ।
আজি মহানগৰীৰ দিছপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় । পেলু নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ শিশুসকলক পেলুৰ ঔষধ প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়(Assam health minister inaugurates Deworming Day) । এই আঁচনিখনৰ শুভাৰম্ভণি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উক্ত অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল(Health Minister prescribes medicines) ।
১ৰ পৰা ১৯ বছৰ বয়সৰ শিশু তথা কিশোৰ কিশোৰীসকলৰ বাবে মুকলি কৰা হৈছে এই আঁচনিখন । পেলুৰ সংক্ৰমণৰ পৰা শিশু, কিশোৰ কিশোৰীসকলক ৰক্ষা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । আজিৰে পৰা ৰাজ্যজুৰি পেলুৰ ঔষধ প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে । ৰাজ্যৰ ৭২ লাখ শিশুক প্ৰদান কৰা হব Albendazole নামক পেলুৰ দৰৱ ।