অসম

assam

ETV Bharat / state

উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ দেশী-বিদেশীৰ ভক্তৰ ভিৰ

কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷ কামাখ্যা মন্দিৰ দৰ্শনৰ পাচতে উমানন্দ দৰ্শন কৰিলে দৰ্শন পূৰণ হোৱাৰ প্ৰবাদ থকাৰ বাবেই প্ৰতিবছৰে কামাখ্যাৰ সমান্তৰালকৈ উমানন্দ দেৱালয়লৈয়ো আহে ভক্তসকল ।

By

Published : Jun 23, 2019, 6:07 PM IST

উমানন্দ মন্দিৰলৈ অম্বুবাচীলৈ অহা দৰ্শনাৰ্থী

গুৱাহাটী, 23 জুন : শনিবাৰৰ পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দেশ-বিদেশৰ লক্ষাধিক ভক্তগণে ৷ জনপ্ৰবাহ মতে, মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধৰ দিনৰে পৰা বন্ধ থাকে সকলো দেৱীৰ মন্দিৰৰ দুৱাৰ ৷ যদিও ভক্তসকলৰ বাবে খোলা আছে উমানন্দ মন্দিৰৰ দুৱাৰ । যাৰ বাবে এতিয়া উমানন্দ মন্দিৰ দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰিছেহি দেশ-বিদেশৰ ভক্তসকলে ৷

উমানন্দ মন্দিৰলৈ অম্বুবাচীলৈ অহা দৰ্শনাৰ্থী
কামাখ্যা মন্দিৰ দৰ্শনৰ পাচতে উমানন্দ দৰ্শন কৰিলে দৰ্শন পূৰণ হোৱাৰ প্ৰবাদ থকাৰ বাবেই প্ৰতিবছৰে কামাখ্যাৰ সমান্তৰালকৈ উমানন্দ দেৱালয়লৈয়ো আহে ভক্তসকল ।

ABOUT THE AUTHOR

...view details