পদব্ৰজে নীলাচললৈ !! - সুশীল পোদ্দাৰ
মহাপুৰুষ সকলে পুণ্যভূমি ভাৰতত জন্ম লৈ ভাৰতৰ হকে কাম কৰি যাওঁক তাৰ আশাৰে মা-কামাখ্যালৈ পদযাত্ৰা ৰাম সুশীল পোদ্দাৰ ৷
গুৱাহাটী,23 জুনঃঅম্বুবাচী উপলক্ষে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে নীলাচলৰ বুকুলৈ ৷ ঠিক সেই সময়তে বিহাৰৰ সমস্তিপূৰৰ পৰা অসমত আহি উপস্থিত হৈছে ৰাম সুশীল পোদ্দাৰ নামৰ এগৰাকী শ্ৰমিক ৷ সুশীলে কোনো তন্ত্ৰ-মন্ত্ৰ সাধনা বা মা-কামাখ্যালৈ আশীষ ল'বলৈ অহা নাই ৷ বেলতলাৰ লালমাটিৰ পৰা মা-কামাখ্যালৈ পদযাত্ৰা কৰিছে পোদ্দাৰে ৷ হাতত এখন বেনাৰলৈ আহিছে পোদ্দাৰে য'ত জিলিকি আছে বিভিন্ন মহাপুৰুষৰ ছবি আৰু দুয়োফালে আছে একোখনকৈ ৰাষ্ট্ৰীয় পতাকাৰ সৈতে গেৰুৱা পতাকা ৷ পোদ্দাৰৰ আশা মহাপুৰুষ সকলে পুণ্যভূমি ভাৰতত জন্ম লৈ ভাৰতৰ কল্যাণৰ হকে পুনৰ কাম কৰি যাওঁক, বৃদ্ধি পাওঁক ভাৰতীয় বীৰসেনা সকলৰ শক্তি ৷ বিভিন্ন জাতি,ধৰ্মৰ দেশ ভাৰতত বৰ্তি থাকক শান্তি-সম্প্ৰীতি ৷