গুৱাহাটী, 5 মে’ : অংকিতা দত্ত গোচৰ সন্দৰ্ভত আদালতে আৰক্ষীক সেউজ সংকেত দিয়াৰ পিচত এতিয়া যিকোনো সময়ত গ্ৰেপ্তাৰ হ’ব পাৰে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভি । এই সন্দৰ্ভত শুক্ৰবাৰে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই এক সংবাদমেল সম্বোধন কৰি কয় যে এতিয়াৰে পৰা অংকিতা গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্তত কোনো বাধা নাই ।
মহাধিবক্তাগৰাকীয়ে শ্ৰীনিৱাস বিভিয়ে গোচৰৰ সন্দৰ্ভত আজি পৰ্যন্ত আৰক্ষীক সহযোগ নকৰা বুলি উল্লেখ কৰি শ্ৰীনিৱাসে গোচৰ সন্দৰ্ভত আৰক্ষীক সহযোগ কৰাৰ পৰিৱৰ্তে আদালতৰ কাষ চাপিছিল বুলি উল্লেখ কৰে (Assam govt Advocate General Devjit Lon Shaikia)।
আদালতৰ ৰায় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মহাধিবক্তা দেৱজিত শইকীয়াই কয় যে দিছপুৰ আৰক্ষী থানাত অংকিতা দত্তই ৰুজু কৰা গোচৰ সন্দৰ্ভত 2 মে'ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল । কিন্তু উপস্থিত হোৱাৰ পৰিৱৰ্তে বেংগালুৰুৰ এখন আদালতৰ কাষ চাপিছিল শ্ৰীনিৱাস । আৰক্ষীৰ ফালৰ পৰা শ্ৰীনিৱাসক দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ যথেষ্ট সময় দিয়া হৈছিল । তেওঁ কয় যে নিৰ্দিষ্ট সময়ৰ ভিতৰত আৰক্ষীয়ে শ্ৰীনিৱাসক গ্ৰেপ্তাৰ কৰা কোনো কথা নাছিল । উল্লেখ্য যে, ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভিৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Case against IYC president Srinivas) ।