অসম

assam

By

Published : Aug 3, 2020, 8:49 PM IST

Updated : Aug 5, 2020, 12:03 PM IST

ETV Bharat / state

পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ যোৰা লকডাউন ঘোষণা কৰাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ 23 মাৰ্চৰ দিনা পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে এক নিৰ্দেশনাৰ জড়িয়তে এনভায়ৰমেন্ট ইম্পেক্ট এছেছমেন্ট 2006 নীতিৰ সংশোধনী অনাৰ প্ৰস্তাৱ আগবঢ়ায় । নাগৰিকৰ মতামত গ্ৰহণৰ বাবে আগবঢ়োৱা এই নতুন নীতিত কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধনীৰ প্ৰস্তাৱ ৰখা হৈছে ।

DEVELOPMENT ACTIVITY WITHIN 100 KM OF INTERNATIONAL BORDER
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

গুৱাহাটী, 3 আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে এনভায়ৰমেন্ট ইম্পেক্ট এছেছমেন্ট (EIA) সন্দৰ্ভত কেতবোৰ নতুন নীতি জাৰি কৰা জাননীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি প্ৰচণ্ড ভাবুকি আনিব পৰা এনে একপক্ষীয় সিদ্ধান্তৰ বাবে জাঙুৰ খাই উঠিছে সৰ্বসাধাৰণৰ লগতে দল সংগঠন । ইয়াৰোপৰি অঞ্চলটোৰ সামৰিক আন্তঃগাঁঠনি আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ পথ তৰাণ্বিত কৰিব বুলি যুক্তি আগবঢ়াইছে সচেতন মহলে । কিন্তু কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱিত এই নতুন খচৰাত এনে কি নীতি যোগ কৰা হৈছে যাক লৈ বিৰোধৰ ঢৌ উঠিছে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৷

পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

লগতে পঢ়কঃঅন কেমেৰা দলং ভাগি পানীত পৰিল বহু লোক

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ যোৰা লকডাউন ঘোষণা কৰাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ 23 মাৰ্চৰ দিনা পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে এক নিৰ্দেশনাৰ জড়িয়তে এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্ট 2006 নীতিৰ সংশোধনী অনাৰ প্ৰস্তাৱ আগবঢ়ায় । নাগৰিকৰ মতামত গ্ৰহণৰ বাবে আগবঢ়োৱা এই নতুন নীতিত কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধনীৰ প্ৰস্তাৱ ৰখা হৈছে । ইয়াৰ ভিতৰত অন্যতম হ'ল -

  • আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 100 কিলোমিটাৰৰ ভিতৰত হ'ব লগা প্ৰকল্পৰ ক্ষেত্ৰত এনভায়ৰমেন্ট ইম্পেক্ট এছেছমেন্টৰ জন শুনানীৰ ব্যৱস্থা কৰা নহ'ব ।
  • এই অঞ্চলত পৰিবেশ কেন্দ্ৰীক অনুমতি নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব।
  • অনুমতিৰ বাবে পৰৱৰ্তী সময়তো আবেদন কৰিব ৷
  • জৰিমনা দি সকলো কাম কৰি থাকিব পাৰিব ৷

লগতে পঢ়কঃকংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া

মনকৰিবলগীয়া যে, ভাৰতত পৰিৱেশ সম্পৰ্কীয় নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ইতিহাস বেছি পুৰণি নহয় । 1984 চনত মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত ভয়াবহ গেছ ট্ৰেজেদিৰ পাছতহে দেশত 'এনভায়ৰনমেন্ট প্ৰটেক্টশ্বন এক্ট 1986' বলবৎ কৰা হৈছিল। ইয়াৰ পিছত 1994 চনত উদ্যোগ স্থাপন কিম্বা বৃহৎ প্ৰকল্পৰ ৰূপায়ণ ক্ষেত্ৰত 'এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্ট' ৰ ব্যৱস্থা কৰা হয়। কিন্তু দেখা যায় যে এই চৰকাৰী প্ৰক্ৰিয়াই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ক্ষেত্ৰত ন্যায়সংগত আচৰণ কৰা নাই। অঞ্চলটোত প্ৰস্তাৱিত নদীবান্ধ প্ৰকল্পৰ ক্ষেত্ৰত 'এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্টৰ যিবোৰ প্ৰতিবেদন প্ৰকাশিত হৈছে সেয়া চুড়ান্ত একপক্ষীয়ভাৱে কৰা হৈছে বুলি অভিযোগ উঠি আহিছে। যেনে দিবাংভেলী জলবিদ্যুৎ প্ৰকল্পৰ এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্টৰ প্ৰতিবেদনত প্ৰকল্পস্থলীৰ পৰা গুৱাহাটীৰ দীপৰ বিললৈ মাজত কোনো বিল বা জলাশয়ৰ অৱস্থিতি নাই বুলি উল্লেখ কৰা হৈছিল যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে সংশ্লিষ্ট মন্ত্ৰালয়ৰ উল্লেখিত পদক্ষেপক বিৰোধিতা কৰি বিভাগটোৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে শেহতীয়াকৈ বৰ্তমানৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে 11 আগষ্টত উকলি যাব এই নতুন সংশোধনী সন্দৰ্ভত মতামত ব্যক্ত কৰাৰ সময় । মুঠতে প্ৰাকৃতিক সম্পদৰ অবাধ আহৰণ আৰু চীন বিৰোধী সমৰসজ্জাক দোহাই দি উত্তৰ-পূব ৰাজ্য কেইখনৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ।

Last Updated : Aug 5, 2020, 12:03 PM IST

ABOUT THE AUTHOR

...view details