অসম

assam

ETV Bharat / state

অসম বিধান সভাৰ পৰৱৰ্তী উপাধ্যক্ষ কোন ? - ETV_BHARAT

অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ৷ ইয়াৰ মাজতেই 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন । 23 জুলাইত অনুষ্ঠিত হ'বলগীয়া উপাধ্যক্ষ নিৰ্বাচনৰ মনোনয়ন পত্ৰ 23 জুলাইৰ বিয়লি 3 বজালৈকে দিব পাৰিব। ইয়াৰ বাবে সাজু হৈছে কেইবাজনো বিধায়ক ৷

বিধান সভাৰ উপাধ্যক্ষৰ আসনত কোন !

By

Published : Jul 13, 2019, 5:54 PM IST

গুৱাহাটী,জুলাই 13 : কোন বহিব অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত ! উপাধ্যক্ষৰ বাবে চৰ্চাত আছে কেইবাজনো বিধায়কৰ নাম ৷ পূৰ্বৰ উপাধ্যক্ষ কৃপানাথ মাল্লা কৰিগঞ্জ সংসদীয় সংসদীয় সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাচতে এতিয়া শূণ্য হৈ আছে বিধানসভাৰ উপাধ্যক্ষৰ আসন ৷ নতুন উপাধ্যক্ষ নিযুক্তিৰ বাবে অহা 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন ৷ ইয়াৰ বাবে সাজু হৈছে কেইবাজনো বিধায়ক। উল্লেখ্য যে, অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ৷ ইয়াৰ মাজতেই 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন ।

বিধান সভাৰ উপাধ্যক্ষৰ আসনত কোন !

প্ৰাপ্ত তথ্য অনুসৰি উপাধ্যক্ষ পদৰ বাবে চৰ্চালৈ আহিছে পশ্চিম গুৱাহাটীৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু ডিমা হাচাওৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ নাম ৷ 23 জুলাইত অনুষ্ঠিত হ'বলগীয়া উপাধ্যক্ষ নিৰ্বাচনৰ মনোনয়ন পত্ৰ 23 জুলাইৰ বিয়লি 3 বজালৈকে দিব পাৰিব। উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰবল আন্দোলনৰ লগতে কেইবাটাও কাৰণত উপাধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিছিল শিলচৰৰ বিধায়ক দিলীপ পালে ৷ তাৰ পাচতেই উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লা ৷ কিন্তু,কৃপানাথ মাল্লা সাংসদ নিৰ্বাচন হোৱাৰ পাচত পুনৰ খালী হৈ পৰে উপাধ্যক্ষৰ আসন ৷ এতিয়া অপেক্ষা 23 জুলাইলৈ ৷ সেইদিনাই নিৰ্ধাৰণ হ'ব কোন বহিব উপাধ্যক্ষৰ আসনত ৷

ABOUT THE AUTHOR

...view details