গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: জি-২০ ৰ অধ্যক্ষতাৰ ফ্ৰেমৱৰ্কৰ(G20 SFWG conference) অধীনত যুৱ পৰিক্ৰমা বিভাগক য়ুথ-২০ সন্মিলন ২০২৩(Y20 Summit 2023) অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে । যুৱ পৰিক্ৰমা বিভাগে ২০২৩ ৰ ৬-৮ ফেব্ৰুৱাৰীত অসমৰ গুৱাহাটীত য়ুথ-২০ ৰ আৰম্ভণি বৈঠকৰ আয়োজন কৰিছে । অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া য়ুথ-২০ সন্মিলনৰ সামৰণি অনুষ্ঠানত কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ কেবিনেট মন্ত্রীয়ে শ্বেতপত্র প্রকাশ কৰিব(G20 summit in Guwahati) ।
উল্লেখ্য যে ভাৰতে অধ্যক্ষতা কৰা জি-২০ ৰ বিষয়বস্তু 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ' । মন কৰিবলগীয়া যে য়ুথ-২০ হৈছে জি-২০ ৰ অন্যতম অফিচিয়েল এংগেজমেন্ট গ্রুপ । এই য়ুথ-২০ (Y-20) এংগেজমেন্ট গ্রুপে সমগ্ৰ ভাৰতত আলোচনা অনুষ্ঠিত কৰিব(Youth 20 Summit inception meeting) । ইয়াত এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ আৰু কাৰ্যৰ খচৰা প্ৰস্তুত কৰা হ'ব ৷ ৱাই-২০ য়ে যুৱক-যুৱতীসকলক জি-২০ ৰ অগ্ৰাধিকাৰসমূহৰ সন্দৰ্ভত নিজ-নিজ দৃষ্টিভংগী আৰু চিন্তা প্ৰকাশৰ এক মঞ্চ প্রদান কৰিব ।
লগতে পঢ়ক:Kaziranga National Park: জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন