গুৱাহাটী, 10 জুলাই :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামান্য সালসলনি ঘটাইছে মন্ত্ৰীৰ দায়িত্বত থকা বিভাগসমূহত । সেই অনুসৰি শিক্ষা বিভাগ(Education Deparment)ৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুক অতিৰিক্তভাৱে অৰ্পণ কৰা হৈছে ভৈয়াম জনজাতি উন্নয়ন বিভাগ(Deparment for welfare of plains tribes and backward classes) ৰ দায়িত্ব । পূৰ্বতে অৰ্থাৎ মন্ত্ৰীসভা গঠন কৰা সময়ৰে পৰা এই বিভাগটোৰ দায়িত্বত আছিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ।
কিন্তু নতুন নিৰ্দেশনা অনুসৰি মন্ত্ৰী ব্ৰহ্মৰ পৰা এই বিভাগটো কৰ্তন কৰি ডাঃ ৰণোজ পেগুক দিয়া হৈছে । মন্ত্ৰী উৰ্খাওগৌৰা ব্ৰহ্মক অতিৰিক্তভাৱে দায়িত্ব দিয়া হৈছে বড়োলেণ্ড উন্নয়ন বিভাগ(Bodoland developmet Council) ৰ । পূৰ্বতে অৰ্থাৎ মন্ত্ৰীসভা গঠনৰ সময়ৰে পৰাই এই বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছিল ।