গুৱাহাটী, ১২ নৱেম্বৰ: সাৱধান ! আপুনি জ্বৰত ভুগি আছে নেকি ? তেতিয়াহ’লে সাৱধান হ’ব লাগিব আপুনি । কিয়নো সেয়া কোনো সাধাৰণ জ্বৰ নহ’বও পাৰে ৷ সেয়া হ'ব পাৰে মেলেৰিয়া, ডেংগু কিম্বা জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । ৰাজ্যত এতিয়া ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Dengue cases rise in Assam)।
ৰাজ্যৰ 26 খন জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলঙৰ ডিফু চহৰত ডিফু চহৰত ডেংগুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে (Karbi Anglong in Assam worst hit as dengue cases rise)। সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাতো ডেংগু ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে (Dengue cases increase in Guwahati) । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে এতিয়ালৈ ৰাজ্যত ডেংগুত সাত গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুগৰাকী ডেংগু ৰোগীৰ মৃত্যু হৈছে । স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, এদিনত কাৰ্বি আংলং জিলাত 55 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰত 8 গৰাকী লোক আক্ৰান্ত হৈছে । বঙাইগাঁও, যোৰহাটত 2 গৰাকী, কাছাৰ, ডিমা হাচাও, তিনিচুকীয়াত এগৰাকীকৈ লোক আক্ৰান্ত হৈছে ।