গুৱাহাটী, ৯ মাৰ্চ :গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ (Urban Development Minister Ashok Singhal) হস্তক্ষেপৰ বাবে হঠাৎ গুৱাহাটীৰ বাহিনীৰ নদীৰ ওপৰত থকা দলং ভঙাৰ সংখ্যা ৰহস্যজনকভাৱে সলনি কৰিলে কামৰূপ মহানগৰ জিলা উপায়ুক্তই । বাহিনী নৈখনৰ ওপৰত থকা ৮৯ খন নহয়, ২৬ খন দলংহে ভাঙিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup DC to demolish bridge over Bahini) । ইয়াকে লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জিলা উপায়ুক্তই প্ৰকাশ কৰা দলং ভঙাৰ নিৰ্দেশনা কিয়নো প্ৰথমে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup Metropolitan DC Pallav Gopal Jha) কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ চলাই থকা অভিযানৰ অংশ হিচাপে বাহিনী নৈৰ স্বাভাৱিক জলপ্ৰৱাহত সৃষ্টি হোৱা বাধা আঁতৰোৱাৰ উদ্দেশ্যৰে নৈখনৰ ওপৰত থকা ৮৯ খন দলং ভঙাৰ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে । একাংশ লোকে অভিযোগ কৰা মতে, একাংশ ধনী ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাষত থকা দলং ভঙাৰ পৰা ৰেহাই দিয়াৰ বাবে মন্ত্ৰী অশোক সিংহলে সহায় কৰাৰ বাবে হস্তক্ষেপ কৰিছে ।
ইপিনে অসম গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে টুইটাৰত প্রকাশ কৰা মতে, যিকেইখন দলঙে নৈখনৰ জলপ্ৰৱাহত অধিক বাধা সৃষ্টি কৰিছে আৰু যি কৃত্রিম বানৰ মুখ্য কাৰণ হৈ পৰিছে, সেইকেইখন দলংহে ভঙা হ’ব । মন্ত্ৰীগৰাকীয়ে এইটো স্পষ্ট কৰিছে যে পূৰ্বতে দিয়া ৮৯ খন দলং ভঙাৰ নিৰ্দেশনা বাতিল কৰি ২৬ খন দলং ভঙা হ'ব বুলি নতুনকৈ নির্দেশনা জাৰি কৰা হৈছে । উল্লেখ্য, ইয়াৰ পূৰ্বে বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং ভাঙি পেলোৱাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নির্দেশ জাৰি কৰিছিল ।
যোৱা ২ মাৰ্চত জাৰি কৰা নিৰ্দেশটোত বাহিনী নৈৰ ওপৰৰ এই দলংসমূহে নৈখনৰ পানী স্বাভাৱিকভাৱে প্রৱাহিত হৈ থকাত বাধাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰা হৈছিল । মন কৰিবলীয়া যে, দেবেন্দ্ৰ নাৰায়ণ ডেকা নামৰ এগৰাকী ব্যক্তিয়ে বাহিনী নদীৰ ওপৰত থকা দলঙে নৈখনৰ জলপ্ৰৱাহত অধিক বাধা সৃষ্টি কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়ি গোচৰ (PIL no 18/2015) তৰিছিল । এই গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নৈখনৰ জলপ্ৰৱাহত অধিক বাধা সৃষ্টি কৰা দলং ভাঙি দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছে । উল্লেখ্য যে ২০০৮ চনত গুৱাহাটীৰ বাহিনী আৰু ভৰলু নৈৰ ওপৰত থকা ৮০ খনৰো অধিক দলং ভঙা হৈছিল ।
লগতে পঢ়ক :Guinness World Records: গিনিজ বুকত স্থান লাভ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত আধাৰিত ৰচনাই