অসম

assam

ETV Bharat / state

উপ নির্বাচন: ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

পাঁচটা সমষ্টিত ৩০ অক্টোবৰত হ'ব উপনিৰ্বাচন । মুঠ ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ভোটাৰ তালিকাত মুঠ ৪৩,২২৯ গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট হৈছে । উপ-নিৰ্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে সাব্যস্ত কৰিব নিজৰ গণতান্ত্ৰিক অধিকাৰ ।

by election
অসম বিধান সভাৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন

By

Published : Oct 19, 2021, 8:32 PM IST

গুৱাহাটী, 19 অক্টোবৰ : অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্ৰমে ২৮-গোসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । মুঠ ৩১ গৰাকী প্ৰাৰ্থী এই উপ-নিৰ্বাচনত অবতীৰ্ণ হৈছে । পাঁচটা সমষ্টিৰ এই উপ-নিৰ্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ইয়াৰ উপৰি ৩,১৬৫ গৰাকী ছাৰ্ভিছ ভোটাৰ আছে । আনহাতে, ভোট গ্ৰহণ হ'বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত ২,১৭,৪৩২ গৰাকী ভোটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভোটদাতা আছে ৷

৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

আনকি, থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১ গৰাকী ভোটদাতা আছে ।

চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে । আনহাতে, এই উপ নিৰ্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

অসম বিধান সভাৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন

এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে । আজি তেওঁ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক :ৰাজপথৰ আন্দোলন নহয় ৰাজপথত জীৱনদায়িনী যাত্ৰা আছুৰ

ABOUT THE AUTHOR

...view details