অসম

assam

ETV Bharat / state

ৰাজ্যত COTPA আইন কঠোৰভাৱে বলবৎ কৰাৰ দাবী - আইন উলংঘা

শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ দাবী অসম চেম্বাৰ অৱ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম অসমৰ ।

ৰাজ্যত COTPA আইন কঠোৰ ভাবে বলবৎ কৰাৰ দাবী
ৰাজ্যত COTPA আইন কঠোৰ ভাবে বলবৎ কৰাৰ দাবী

By

Published : Aug 1, 2021, 9:27 PM IST

গুৱাহাটী, ১ আগষ্ট :শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক যি কোনো প্ৰকাৰৰ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ দাবী অসম চেম্বাৰ অৱ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম অসমৰ । সংগঠন তিনিটাই চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্ট এক্ট-২০০৩ (কটপা) আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী কঠোৰভাৱে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । এক যৌথ বিবৃতিত অসম চেম্বাৰ অৱ কমাৰ্চ, কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম অসমে অভিভাৱক, শিক্ষকৰ লগতে শিক্ষানুষ্ঠান আৰু হোষ্টেলৰ পৰিচালকসকলক আহ্বান জনাই কয় - ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা ভয়াৱহ প্ৰভাৱ আৰু ইয়াৰ পৰা হ'বলগীয়া ৰোগৰ বিষয়ে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক বুজোৱা উচিত । যাতে তেওঁলোক এই সামগ্ৰীৰ প্ৰতি আসক্ত নহয় ।

বিবৃতিটোত অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয়- প্ৰতিজন ব্যৱসায়ীয়ে 'কটপা-২০০৩' আইনৰ প্ৰতিটো ধাৰা মানি চলা উচিত । ইয়াৰ দ্বাৰা এই আইন বলৱৎ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব । কটপা আইনৰ ধাৰাসমূহ যদি বলৱৎ হোৱা নাই, তেন্তে এই আইনে সমাজৰ একো পৰিৱৰ্তন আনিব নোৱাৰিব । ইয়াৰ বাবে চৰকাৰে ব্যাপক সজাগতা সৃষ্টি কৰিব লাগিব ।

ৰাজ্যত COTPA আইন কঠোৰ ভাবে বলবৎ কৰাৰ দাবী

অসম চেম্বাৰ অৱ কমাৰ্চৰ যদি কোনো সদস্যই এই আইন উলংঘা কৰে, তেন্তে তেনে সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

কনজিউমাৰ ভয়েচ নতুন দিল্লীৰ সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে বিবৃতিত স্বাক্ষৰ কৰি অসমে চেম্বাৰ অৱ কমাৰ্চৰ সদস্যভুক্ত প্ৰতিজন ব্যৱসায়ীকে বর্তমানৰ আৰু সংশোধিত কটপা আইন কাৰ্যক্ষেত্ৰত মানি চলিবলৈ আহ্বান জনায় । তেওঁ অভিযোগ কৰি কয় বিগত বৰ্ষত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো চলোৱা এক সমীক্ষাত স্পষ্ট হৈ পৰিছে যে কটপা আইন উলংঘা কৰি একাংশ ব্যৱসায়ীয়ে শিক্ষানুষ্ঠানৰ নিচেই কাষতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী মুকলিভাৱে বিক্ৰী কৰি আছে । ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ স্বাৰ্থত ব্যৱসায়ীসকলে এনেদৰে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি লোৱাটো আইন বিৰুদ্ধ আৰু অনুচিত ।

ৰাজ্যত COTPA আইন কঠোৰ ভাবে বলবৎ কৰাৰ দাবী

ব্যৱসায়ীসকল এনে কাৰ্যৰ পৰা আঁতৰি থকা উচিত । যৌথ বিবৃতিত স্বাক্ষৰ কৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ নিয়ন্ত্ৰণ কৰা মানেই ধঁপাত বিক্ৰেতাৰ জীৱিকাক ক্ষতি কৰাতো নুবুজায় ৷ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হ'ব পৰা ক্ষতিৰ পৰা শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ জীৱনৰক্ষা কৰা ক্ষেত্ৰত ব্যৱসায়ীসকলৰ দায়িত্ব আছে । শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীসকলে এবাৰ চিন্তা কৰি চোৱা উচিত যে এই সামগ্ৰীসমূহে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ কাৰণে কেনেকৈ নীৰৱ ঘাতকৰ দৰে কাম কৰি আছে ।

লগতে পঢ়কঃউৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

ABOUT THE AUTHOR

...view details