অসম

assam

ETV Bharat / state

২০১১ নহয়, ২০০১ ৰ পিয়লৰ ভিত্তিতহে হ’ব সমষ্টিৰ পুনৰ গঠন - census in 2021

২০০১ ৰ পিয়লৰ ভিত্তিত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠন হ’ব ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সমষ্টিসমূহ গঠন কৰিবলৈ আগবাঢ়িছে ৷

delimitation on 2001 census
২০০১ ৰ পিয়লৰ ভিত্তিতহে হ’ব সমষ্টি পুনৰ গঠন

By

Published : Jul 26, 2021, 5:28 PM IST

গুৱাহাটী, 26 জুলাই : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজনৈতিক মহলত ধাৰাবাহিক চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে এক নতুন খবৰ ।‌ সেই অনুসৰি ২০০১ চনৰ লোকপিয়লৰ আধাৰতহে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যে গঠন কৰি দিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ ।

প্ৰাপ্ত খবৰ অনুসৰি, আয়োগে অসম চৰকাৰৰ নিৰ্বাচনী বিভাগৰ পৰা ২০০১ চনৰ লোকপিয়লৰ সমস্ত তথ্য-পাতি বিচাৰিছে ৷ নিৰ্বাচনী বিভাগেও সেই অনুসৰি আয়োগক সেই সকলো বিলাক ইতিমধ্যে দাখিল কৰিছে । গতিকে স্বাভাৱিকতে এই কথা পৰিস্কাৰ হৈ পৰিছে যে প্ৰায় দুই দশক পূৰ্বৰ লোকপিয়ল আৰু জনগাঁথনিৰ আধাৰতহে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আগবাঢ়িছে । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰ, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এখন আয়োগ গঠন কৰি দিছিল ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাই

লগতে পঢ়ক:আজিৰ পৰা পুনৰ আৰম্ভ সদনৰ বৰ্ষাকালীন অধিৱেশন

কিন্তু অতি ৰহস্যজনকভাৱে দুই দশক পুৰণি জনসংখ্যা আৰু জনগাঁথনিৰ ভিত্তিতহে দেশাই আয়োগে অসমৰ সমষ্টি পুনৰ গঠনৰ বাবে আগবাঢ়িছে । নক’লেও চলে যে, ২০০১ আৰু ২০২১ ৰ জনসংখ্যা আৰু জনগাঁথনি অসমত কেতিয়াও একে নহয় । দুটা দশকত ইয়াৰ বহু পৰিৱৰ্তন ঘটিল । চলিত বৰ্ষটোও হৈছে লোকপিয়লৰ বৰ্ষ ।

অসমত অন্তিমটো পিয়ল হৈছিল ২০১১ চনত । সেয়েহে ২০২১ নহ'লেও অন্ততঃ ২০১১ ৰ পিয়লকহে ভিত্তি হিচাপে লৈ সমষ্টি পুনৰ গঠন কৰাটো বাস্তৱসন্মত আৰু উচিত আছিল । কিন্তু তাকে নকৰি ২০০১ ৰ পিয়লৰ ভিত্তিত যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় তেন্তে নিশ্চিতভাৱে সেয়া হ’ব আঁসোৱাহপূৰ্ণ ।

লগতে পঢ়ক:অপেক্ষা মাথো কেইটামান ঘন্টাৰ : লাভলীনা জয়ী হোৱাৰ আশাত অসম

ABOUT THE AUTHOR

...view details