অসম

assam

ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জালিয়াতি; কিয় গ্ৰেপ্তাৰ পঞ্চতাৰকা হোটেলৰ মেনেজাৰ

অসমৰ মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজধানী চহৰখনত থকা এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰক । মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰা দুজন যুৱকক ধনৰ বিনিময়ত হোটেলত বেলেগ নামত কোঠা বুক কৰি থাকিবলৈ দিছিল মেনেজাৰজনে ।

Delhi police arrested five star hotal manager
দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পঞ্চতাৰকা হোটেলৰ মেনেজাৰক

By

Published : Sep 24, 2021, 2:59 PM IST

Updated : Sep 24, 2021, 3:26 PM IST

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰাৰ দুঃসাহস কৰা দুই যুৱকক আশ্ৰয় দি ৰঙাঘৰৰ আলহী হ'ল দিল্লীৰ এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰ । মুখ্যমন্ত্ৰীৰ ড০ শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল কেইজনমান যুৱকে । এই ঘটনা সন্দৰ্ভত তদন্ত চলাই অসম আৰক্ষীয়ে ৭ জন যুৱকক আটক কৰে । আৰক্ষীৰ জেৰাত যুৱককেইজনে স্বীকাৰ কৰে যে, তেওঁলোকৰ মাজৰে দুজন যুৱকক ধনৰ বিনিময়ত দিল্লীৰ এখন হোটেলত বেলেগ নামত কোঠা বুক কৰি থাকিবলৈ দিছিল ৰোহিত ছোলাংকী আৰু অনিল গোৱেল নামৰ দুজন মেনেজাৰে ।

ইয়াৰ পাছতে কন্নৌট প্লেচ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ৰোহিত ছোলাংকীক গ্ৰেপ্তাৰ কৰে । আনহাতে, আনজন মেনেজাৰ এতিয়াও পলাতক অৱস্থাত আছে । জানিব পৰা মতে, কন্নৌট প্লেচ আৰক্ষীক অসমৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিবেক কুমাৰে জনাইছিল যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰাৰ অভিযোগ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে । এই গোচৰটোৰে জড়িত দুজন অভিযুক্তক আৰক্ষীয়ে বিচাৰি আছে । এই অভিযুক্ত দুজন অশোক ৰোডৰ সমীপৰ হোটেলত থকাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে ।

ৰাজীৱ কলিতা আৰু ইমৰান চৌধুৰী দিল্লীৰ হোটেলত আশ্ৰয় লৈ থকাৰ বিষয়েও কন্নৌট প্লেচ আৰক্ষীক অৱগত কৰা হৈছিল । লগতে তেওঁলোকৰ ফটোও প্ৰেৰণ কৰা হৈছিল । আৰক্ষীৰ দলটোৱে যোৱা ১০ ছেপ্টেম্বৰত এখন পঞ্চতাৰকা হোটেললৈ এই বিষয়ে গৈ সোধা-পোছা কৰিছিল ৷

হোটেলখনত ৰোহিত ছোলাংকী উপস্থিত আছিল । আৰক্ষীয়ে ৰোহিতক এখন ফটো দেখুৱাইছিল যদিও তেওঁ ফটোখনত থকা ব্যক্তিজনক চিনি নাপায় বুলি জনাইছিল । ইয়াৰ পাছত আৰক্ষীৰ দলটোৱে তেওঁৰ পৰা হোটেলত উপস্থিত থকা অতিথিৰ তালিকা বিচাৰে । তালিকাখনত ৰাজীৱ কলিতা আৰু ইমৰান চৌধুৰীৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । পিছদিনা অৰ্থাৎ যোৱা ১১ ছেপ্টেম্বৰত আৰক্ষী বিষয়া বিবেক কুমাৰে পুৱা ফোন কৰি কন্নৌট প্লেচ আৰক্ষীক জনায় যে, নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত ৰাজীৱ কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁ জনায় যে, ৰাজীৱ অশোক ৰোডৰ পঞ্চতাৰকা হোটেলৰ ৬০৮ নং কোঠাত আছিল । তাৰ পিছত আৰক্ষীৰ দলটো পুনৰ হোটেলত উপস্থিত হয় । তালিকাখনত ৬০৮ নং কোঠাটো ৰাজু নামৰ এজন লোকৰ নামত বুক কৰা আছিল । কিন্তু যেতিয়া তেওঁ হোটেলৰ চিচি টিভিৰ ফুটেজ আৰক্ষীয়ে চাইছিল, তেতিয়া তাত ৬০৮ নং কোঠাত ৰাজু নামৰ লোকজন প্ৰৱেশ কৰাৰ দৃশ্য ৰেকৰ্ড নাছিল । তেতিয়াই আৰক্ষীয়ে জানিব পাৰিছিল যে মেনেজাৰ অনিল গোৱেলে ইচ্ছাকৃতভাৱে নামটো ভুলকৈ অন্তৰ্ভুক্ত কৰিছিল ।

আনহাতে, আৰক্ষীয়ে ৰাজীৱ কলিতাৰ পৰিচয় পত্ৰ আৰু অন্যান্য নথি-পত্ৰও ওচৰৰ এটা ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰে । কন্নৌট প্লেচ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰে আৰু গোচৰটো সন্দৰ্ভত তদন্ত চলায় । ইফালে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে হোটেল প্ৰশাসনে দুয়োজন মেনেজাৰক বৰ্খাস্ত কৰে । এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা মেনেজাৰ ৰোহিত আৰু অনিল গোৱেল পলাতক হৈ আছিল ।

অৱশেষত আৰক্ষী বিষয়া ৰাজেন্দ্ৰ ডুবেৰ তত্বাৱধানত আৰক্ষীৰ এটা দলে ৰেহিত ছোলাংকীক গ্ৰেপ্তাৰ কৰে । জেৰাৰ সময়ত ৰোহিতে কয় যে, তেওঁ অতিথি দুগৰাকীৰ পৰা ৫,০০০ টকা লাভ কৰিছে । তেওঁ আৰক্ষীক জনায় যে, তেওঁ ২০১৯ চনৰ পৰা এই হোটেলখনত কাম কৰি আছে । শেহতীয়াকৈ তেওঁ এই অপৰাধৰ সৈতে জড়িত হৈ পৰিছে ।

নগদ ধন পৰিশোধ কৰি থকা অতিথিক হোটেলত প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰি দিয়ে দুয়োজন মেনেজাৰে আৰু অতিথি যোৱাৰ পিছত এই ধনৰাশি দুয়োজন মেনেজাৰে নিজৰ মাজতে ভগাই লয় । আৰক্ষীয়ে ৰোহিতক গ্ৰেপ্তাৰ কৰিছে যদিও অনিল গোৱেল এতিয়াও পলাতক হৈ আছে । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ ভিতৰত দুজন লোক দিল্লীৰ হোটেলত বাহৰ পাতি আছিল । ভুৱা স্বাক্ষৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে ।

লগতে পঢ়ক:ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি

Last Updated : Sep 24, 2021, 3:26 PM IST

ABOUT THE AUTHOR

...view details