অসম

assam

ETV Bharat / state

খেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ - আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন সন্থা

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিল্লী আৰু ওড়িশা মাজৰ এখন ফুটবল মেচক লৈ ফুটবল প্ৰেমীৰ মাজত সৃষ্টি হৈছে বিৰ্তকৰ ৷ মেচখনত দিল্লীৰ হৈ 11 গৰাকীৰ পৰিৱৰ্তে 9 গৰাকী খেলুৱৈয়েহে খেলাৰ অভিযোগ ৷

khelo india
খেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ

By

Published : Jan 17, 2020, 8:01 PM IST

গুৱাহাটী,17 জানুৱাৰীঃগুৱাহাটীত অনুষ্ঠিত হৈ থকা খেল' ইণ্ডিয়াৰ ছোৱালীৰ 21 অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ Bৰ এখন মেচক লৈ সৃষ্টি হৈছে বিৰ্তকৰ ৷ সোমবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিল্লী আৰু ওড়িশাৰ মাজৰ মেচ খনক লৈ ফুটবল প্ৰেমীৰ মাজত সৃষ্টি হৈছে এই বিৰ্তকৰ ৷ অভিযোগ অনুসৰি,দিল্লীৰ দলটোত নিৰ্ধাৰিত 11 গৰাকী খেলুৱৈৰ পৰিৱৰ্তে 9 গৰাকী খেলুৱৈয়ে মেচ খনত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পাচতে দিল্লী দলটোৰ প্ৰশিক্ষকে ইটিভি ভাৰতৰ আগত এই কথা স্বীকাৰ কৰি কয় যে, 9 গৰাকী খেলুৱৈয়ে এখন মেচ খেলিব নোৱাৰিব বুলি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন সন্থাৰ নিয়মাৱলীৰ কতো উল্লেখ নাই,আৰু সেয়ে এই বিৰ্তক তথা অভিযোগ ভিত্তিহীন ৷ বুধবাৰে দিল্লী আৰু পঞ্জাৱৰ মাজত হোৱা 21 অনুৰ্ধৰ ছোৱালীৰ মেচ খনত জয়যুক্ত হোৱাৰ পাচতে এই কথা প্ৰকাশ কৰে প্ৰশিক্ষক গৰাকীয়ে ৷

খেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ

কিন্তু গুৰুত্বপূৰ্ণ যে, প্ৰশিক্ষক গৰাকীৰ পৰা সাংবাদিকে এই সন্দৰ্ভত আৰু অধিক কথা জানিব বিচৰাত প্ৰশিক্ষক গৰাকীয়ে ইচ্ছামূলক ভাৱে অধিক কথা প্ৰকাশ কৰাৰ বিৰত থাকিল ৷ লগতে প্ৰশিক্ষক গৰাকীয়ে নিজৰ পৰিচয় আৰু নাম প্ৰকাশ কৰাৰ পৰাও বিৰত থাকিল ৷ উল্লেখযোগ্য যে, দিল্লী আৰু ওড়িশাৰ মাজত হোৱা এই বিৰ্তকিত মেচ খনত ওড়িশাই 10-0 গলৰ ব্যৱধানত দিল্লী পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক , "প্ৰচুৰ সম্ভাৱনা থকা অসমৰ বক্সাৰ সকলক লাগে এখন উপযুক্ত প্লেটৰ্ফম"

ABOUT THE AUTHOR

...view details