গুৱাহাটী, 31 মে’ : গুৱাহাটীৰ জালুকবাৰীত দেওবাৰে নিশা সংঘটিত হোৱা শোকাৱহ পথ-দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ মংগলবাৰে দিল্লীৰ পৰা ফৰেনছিকৰ দল আহি গুৱাহাটীত উপস্থিত হয় । ফৰেনছিকৰ দলটোৱে প্ৰথমে জালুকবাৰীত যান-বাহন আৰক্ষী চকীত ৰাখি থোৱা পথ-দুৰ্ঘটনাত পতিত স্ক’ৰপিঅ বাহনখনৰ পৰা নমুনা সংগ্ৰহ কৰে । তাৰ পিচত দুৰ্ঘটনাস্থলীত গৈ নমুনা সংগ্ৰহ কৰে (Delhi forensic team) । পিচত আৰক্ষীয়ে ফৰেনছিকৰ দলটোক লগত লৈ ছাত্ৰকেইজন থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰবাসলৈয়ো যায় । ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Road accident in Guwahati) ।
উল্লেখ্য যে, গুৱাহাটীৰ জালুকবাৰীত দেওবাৰে মাজনিশা ভয়ংকৰ পথ-দুৰ্ঘটনা সংঘটিত হৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰ থিতাতে নিহত হৈছিল (7 AEC student died in Ghy road accident) । ছাত্ৰকেইজন এখন স্ক’ৰপিঅ গাড়ীত আছিল । দেওবাৰে মাজনিশা চানডুবিৰ পৰা আহি থকা অৱস্থাত স্ক’ৰপিঅ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা আহি থকা এখন বলেৰ’ পিকআপ ভানক খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । স্ক’ৰপিঅ বাহনখনত থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 10 জন ছাত্ৰৰ ভিতৰত ৭ জন ছাত্ৰ থিতাতে নিহত হয় । নিহত ছাত্ৰ কেইজনৰ নাম ডিব্ৰুগড়ৰ ইমন বৰুৱা, মংগলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা আৰু গুৱাহাটীৰ অৰিন্দম ভাৱাল আৰু নুমলীগড়ৰ নিয়ৰ ডেকা । নিহত আটাইকেইজন ছাত্ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আৰু ৭ নম্বৰ হোষ্টেলৰ আৱাসী । দুৰ্ঘটনা সংঘটিত হোৱা স্ক’ৰপিঅখনৰ নম্বৰৰ AS-01-FK-9605 আৰু বলেৰ’ পিকআপ ভানখনৰ নম্বৰ AS-01-GC-8829 ।