গুৱাহাটী, 2 এপ্ৰিল: অসমৰ ভূমিত ভৰি দিয়েই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দি কেজৰিৱালে কয় যে, অসমৰ মানুহে এনেকৈ ধমক নিদিয়ে ৷ অসমৰ মানুহৰ পৰা সংস্কৃতি শিকক হিমন্ত বিশ্ব শৰ্মাই (Kejriwal reply to Himanta Biswa) ৷
উল্লেখ্য যে, গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আয়োজন কৰা বিশাল জনসমাৱেশ সম্বোধন কৰাৰ বাবে দেওবাৰে দিনৰ ভাগত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান সিঙৰ সৈতে উপস্থিত হয় আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ বিমান বন্দৰত আপৰ দুয়োগৰাকী শীৰ্ষ নেতাক আপৰ ৰাজ্যিক নেতৃত্বই উষ্ম আদৰণি জনায় (AAP meeting in Guwahati) ৷
বিমান বন্দৰত উপস্থিত হৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেজৰিৱালে ৷ তেওঁ কয় যে, অসমৰ ৰাইজে সকলো দলকে সুবিধা দিলে যদিও কোনো পৰিৱৰ্তন নাহিল ৷ সকলো দলেই অসমৰ ৰাইজৰ ওপৰত লুণ্ঠন চলালে ৷ 2016 চনৰ পৰা বিগত সাত বছৰ ধৰি অসমত বিজেপিৰ শাসন চলি আছে ৷ 2015 চনত দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয় ৷ দুয়োখন চৰকাৰ প্ৰায় একে সময় ধৰি শাসনত আছে ৷ বিগত সময়ত দিল্লী বিকাশৰ পথত বহুদূৰ আগুৱাই গ’ল যদিও অসমৰ ক্ষেত্ৰত কোনো বিকাশ নহ’ল বুলি তেওঁ কয় (Arvind Kejriwal in Guwahati) ৷