গুৱাহাটী,৭ মে': দিল্লী আৰু পঞ্জাৱৰ পাছত বিভিন্ন ৰাজ্যত সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে । পৌৰ সভাত দুটা ৱাৰ্ড আৰু পৌৰ নিগমত এটা ৱাৰ্ড লাভ কৰা আম আদমী পাৰ্টী চমুকৈ আপে অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।
এইবাৰ অসমত সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যে নিজেই আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল(Delhi Chief Minister Arvind Kejriwal to visit Guwahati) । আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি সকলো ঠিকে-ঠাকে থাকিলে ২৯ মে'ত গুৱাহাটীলৈ আহিব দিল্লী মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমম্বয়কগৰাকী ।