গুৱাহাটী, ২ এপ্ৰিল :পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাকলৈ সৰৱ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi CM criticized PM Modi)। সুবিধা পালেই প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিবলৈ অলপো সংকোচ নকৰা কেজৰিৱালে অসমৰ ভূমিতো মোডীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে । দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান (Delhi CM and Punjab CM in Guwahati) ।
গুৱাহাটীৰ সোণাৰাম খেলপথাৰত বিশাল জনসভা সম্বোধন কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কটাক্ষ কৰে । তেওঁ কয়, ‘‘আমাৰ দেশ মহান আৰু ভাৰতৰ দৰে মহান দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে ৷ একবিংশ শতিকাৰ যুৱ সমাজে বিজ্ঞান-প্ৰযুক্তিত বিশ্বাস ৰাখে, সংস্থাপন বিচাৰে, ভাৰতৰ উন্নয়ন বিচাৰে । তাৰ বাবে শিক্ষিত লোকৰ প্ৰয়োজন । কম পঢ়া আৰু অশিক্ষিত লোকে ভাৰতৰ উন্নতি কৰিব নোৱাৰে’’ (Delhi CM on PM Modi educational qualification) ।
তেওঁ লগতে কয়, ‘‘ভাৰতবৰ্ষ এখন দৰিদ্ৰ দেশ আৰু কম পঢ়া-লিখা আৰু নিৰক্ষৰতা অপৰাধ নহয় । দৰিদ্ৰতাৰ বাবে বহু লোক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । কিন্তু প্ৰধানমন্ত্ৰীজন শিক্ষিত হ’ব লাগে । প্ৰধানমন্ত্ৰী শিক্ষিত নহ’লে দেশৰ বাবে বিপদজনক’’ ।