অসম

assam

ETV Bharat / state

দিল্লীত ব্লেক লিষ্টেড হোৱা এন জি অ’ক মধ্যহ্ন ভোজনৰ দায়িত্ব অৰ্পন চৰকাৰৰ !! - মধ্যাহ্ন ভোজন আঁচনি

বহিঃ ৰাজ্যৰ এন জি অ’ই প্ৰথম দিনা যোগান ধৰা মধ্যহ্ন ভোজনত পোক ওলোৱাৰ লগতে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপনৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

দিল্লীত ব্লেক লিষ্টেট হোৱা এন জি অ’ক মধ্যহ্ন ভোজনৰ দায়িত্ব অৰ্পন চৰকাৰ

By

Published : Nov 2, 2019, 8:03 PM IST

গুৱাহাটী, 2 নৱেম্বৰঃ দিল্লীত ব্লেক লিষ্টেড হোৱা এন জি অ’ক মধ্যহ্ন ভোজনৰ দায়িত্ব অৰ্পন শিক্ষা বিভাগৰ ৷ বহিঃ ৰাজ্যৰ এন জি অ’ই প্ৰথম দিনা যোগান ধৰা মধ্যহ্ন ভোজনত পোক ওলোৱাৰ লগতে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপনৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

কংগ্ৰেছৰ বিশিষ্ট নেতা দুৰ্গা দাস বড়োৰ সংবাদমেল

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত শনিবাৰে কংগ্ৰেছৰ বিশিষ্ট নেতা দুৰ্গা দাস বড়োৱে এখনি সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলতে নেতাগৰাকীয়ে বহিঃ ৰাজ্যৰ এন জি অ’ক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পনৰ অন্তৰালত গভীৰ ৰহস্য থকা বুলি মন্তব্য কৰে ৷ এই এন জি অ’ সমূহে অতি কম মানদণ্ড আৰু অস্বাস্থ্যকৰ খাদ্য প্ৰদান কৰিছে ৷ লগতে 1 লাখ 27 হাজাৰ ৰন্ধন কৰ্মীক অব্যাহতি দিয়াটো আন এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details