গুৱাহাটী,8 ফেব্ৰুৱাৰী: ৰাজ্যত অবাধে চলি থকা গো-মাংসৰ মুক্ত বেহা বন্ধ কৰাৰ সন্দৰ্ভত ন্যায়ালয়ত গোচৰ তৰিলে দিল্লীৰ এগৰাকী অধিবক্তাই ৷ আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে অবাধে গো-ধন সমূহ অবৈধভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সৰবৰাহ কৰি বে-আইনীভাৱে গো-মাংসৰ মুক্ত বেহা চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বেতা আগৰৱালাই ৷
অধিবক্তাগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে পথৰ কাষতে মুক্তভাৱে চলি আহিছে গো-মাংসৰ অবৈধ বেহা ৷ বিশেষকৈ নগাঁও, তেজপুৰ, বিশ্বনাথ আদি জিলাত একাংশ বিশেষ সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলত চলিছে এই মুক্ত বেহা ৷ বছৰি কোটি কোটি টকাৰ কৰ ফাঁকি দি একাংশ আৰক্ষীৰ ছত্ৰ-ছায়াতে গো-ধনসমূহ গোপনে সৰবৰাহ কৰি বিক্ৰী কৰাৰ অভিযোগ শ্বেতা আগৰৱালাৰ ৷ এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে বিশ্বনাথ আৰু দৰং জিলাত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷