অসম

assam

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:26 PM IST

ETV Bharat / state

১৭ নং ঘাইপথ বহলীকৰণৰ নামত কাটিব ২৭,৯৫০ জোপা গছ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ তথ্য় মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত গোৱালপাৰাত ১৬,৪৫০ জোপা আৰু কামৰূপ গ্ৰাম্যত ১১,৫০০ জোপা গছ কটা যাব ।

National Highways Authority of India
ৰাজ্যত চলিছে বনজ সম্পদৰ ধ্বংস যজ্ঞ

ৰাজ্যত চলিছে বনজ সম্পদৰ ধ্বংস যজ্ঞ

গুৱাহাটী, ২৮ নৱেম্বৰ: পৰিৱেশত পৰিব পৰা গুৰুতৰ প্ৰভাৱৰ প্ৰতি আওকাণ কৰি ৰাজ্যত চলিছে বনজ সম্পদৰ ধ্বংস যজ্ঞ । ৰাজ্য়ত এতিয়া উন্নয়নৰ নামত চলিছে বনজ সম্পদৰ ধ্বংস যজ্ঞ । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত বনজ সম্পদৰ ধ্বংস যজ্ঞ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তথ্য় অনুসৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত ২৭,৯৫০ জোপা গছ কটা যাব । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ কৰ্তৃপক্ষই সদৰী কৰা মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত গোৱালপাৰাত ১৬,৪৫০ জোপা গছ আৰু কামৰূপ গ্ৰাম্যত ১১,৫০০ জোপা গছ কটা যাব ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই এই সন্দৰ্ভত কয় যে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ ১২৮ কিলোমিটাৰ পথ বহল কৰাৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে । কিয়নো পথটোৰ দুয়োফালে সংৰক্ষিত বনাঞ্চল । ১৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ৬০ মিটাৰ বহল কৰিব লাগিছিল । কিন্তু গছ যাতে বেছি কটা নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৪০ মিটাৰ বহল কৰা হ'ব । বৰ্তমান পথটো ১২ মিটাৰ বহল । পথটোৰ দুয়োকাষে ২৪ মিটাৰকৈ বহল কৰিব লাগিছিল যদিও পথটোৰ দুয়োকাষে ১৪ মিটাৰকৈ বহল কৰা হ'ব ।

ইতিমধ্যে গোৱালপাৰাত ৬০% কাম সম্পূৰ্ণ হৈছে । ইপিনে পথটো বহলীকৰণৰ নামত বনাঞ্চল ধ্বংস হোৱাৰ বাবে বণ্যপ্ৰাণী আৰু মানুহৰ মাজত সৃষ্টি হ'ব পৰা সাম্ভাব্য সংঘাতৰ বাবে প্ৰকল্পটোৰ মুঠ বাজেটৰ পৰা ২.৫ % ধন চৰকাৰক জমা দিয়া বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

ইপিনে,পথটো বহলীকৰণৰ নামত হাজাৰ হাজাৰ গছ কটাৰ ফলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদো হৈছে । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ৰীমা দাস আৰু অভিনেতা আদিল হুছেইনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখ্য যে এই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পশ্চিম বংগ হৈ ধুবুৰী, উত্তৰ শালমাৰা, বঙাইগাঁও, গোৱালপাৰা, বকো হৈ গুৱাহাটী আৰু মেঘালয় সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈ আছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৪ লেনযুক্তকৈ নিৰ্মাণ কৰাৰ‌ বাবে বহল‌ কৰাৰ কাম আৰম্ভ কৰিছে । ইয়াৰ‌ বাবে প্ৰায় ২৭,৯৫০ জোপা গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু গছ কটাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণে গ্ৰহণ এটা গোচৰৰ শুনানী অহা ১০ জানুৱাৰীত হ'ব ।

লগতে পঢ়ক:বিজেপিয়ে ৫ ৰাজ্যৰ এখনতো চৰকাৰ গঠন কৰিব নোৱাৰে: ভূপেন বৰা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details