গুৱাহাটী, 19 জুন: ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে এতিয়াও পৰ্যাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ অভাৱ । আনহাতে চৰকাৰী মহাবিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে প্ৰতিবছৰে হাজাৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হয় । বৰ্তমানো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হোৱা নাই যদিও এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় (Lack of seats in Govt colleges)।
উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ২,২৯,১৩১ গৰাকী আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত ৫,৭২১ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে । সৰ্বমুঠ উত্তীর্ণ হৈছে ২ লাখ ৩৪ হেজাৰ ৮৫২ গৰাকী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তথ্য অনুসৰি ৰাজ্যত চৰকাৰী উচ্চতৰ মাধ্যমিকত দুই লাখ আসন আছে । ইপিনে চৰকাৰী তথ্য মতে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত মাত্ৰ ১.৭০ লাখহে আসন আছে । ফলত যোৱাটো বৰ্ষত প্ৰায় ৭৬ হাজাৰ উত্তীর্ণ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মহাবিদ্যালয়ত অধ্যয়নৰ পৰা বঞ্চিত হৈছিল (Admission in Govt colleges in Assam)।
2021 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে ২.৪৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । ইয়াৰ ভিতৰত কলা শাখাত ১,৮৯,৭৯৩ গৰাকী শিক্ষার্থীয়ে কৃতকাৰ্যতা লাভ কৰাৰ বিপৰীতে বাণিজ্য শাখাত ১৮,৩৬৪ গৰাকী আৰু বিজ্ঞান শাখাত ৩৮,০৬৮ গৰাকী শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰা হৈছিল । অর্থাৎ উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ২,৪৬,২২৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীর্ণ হৈছিল ।