অসম

assam

প্ৰসংগ NRC: বিদেশী লোকৰ নাম অন্তভুৰ্ক্ত হোৱাৰ কথা স্বীকাৰ কৰিলে কৰ্তৃপক্ষই

By

Published : Dec 9, 2020, 9:05 PM IST

বিদেশী লোকক চিনাক্ত কৰিবৰ বাবে প্ৰস্তুত কৰা এন আৰ চি সন্দৰ্ভত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা নাগৰিক পঞ্জী কৰ্তৃপক্ষই শপতনামা যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ত স্বীকাৰ ।

defective-nrc-administration-that-the-foreigners-name-is-included
বিদেশী লোকৰ নাম অন্তভূৰ্ক্ত হোৱাৰ কথা স্বীকাৰ কৰিলে নাগৰিক পঞ্জী কৰ্তৃপক্ষই

গুৱাহাটী, 9 ডিচেম্বৰ : দীৰ্ঘ সময়জুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিশুদ্ধতা সন্দৰ্ভত বিভিন্ন দল-সংগঠনে যি অভিযোগ কৰি আহিছিল সেই অভিযোগ সত্যত প্ৰমাণিত হ'ল । ইতিপূৰ্বে, প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যে বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে সেই কথা অৱশেষত স্বয়ং নাগৰিক পঞ্জী কৰ্তৃপক্ষই শপতনামা যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ।

উল্লেখ্য় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰহিমা খাতুন নামৰ এগৰাকী মহিলাই গোচৰ তৰিছিল যে, তেওঁৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকা স্বত্বেও তেওঁক বিদেশী বুলি বিদেশী ন্যায়াধীকৰণে জাননী প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ পম খেদিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা শুনানীত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ।

বিদেশী লোকৰ নাম অন্তভূৰ্ক্ত হোৱাৰ কথা স্বীকাৰ কৰিলে নাগৰিক পঞ্জী কৰ্তৃপক্ষই

লগতে পঢ়ক :ক'ভিড প্ৰতিষেধক : দেশত ফেব্ৰুৱাৰীৰ শেষৰ পৰা সাধাৰণ জনতাৰ বাবে উপলব্ধ হ'ব ক'ভেক্সিন

উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত এক শপতনামা দাখিলৰ নিৰ্দেশ দিছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তৃপক্ষক । সেই মৰ্মে মঙলবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তৃপক্ষই দাখিল কৰে শপতনামা ৷ শপতনামাত উল্লেখ কৰা অনুসৰি, এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা 10,199 গৰাকী লোকৰ তথ্য পুনৰীক্ষণ কৰা হৈছিল আৰু সেই পুনৰীক্ষণত 10,199 গৰাকী লোকৰ মাজত 4,795 গৰাকী লোকৰ নাম আছে যি সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য নহয় । শপতনামাত আৰু কোৱা হৈছিল যে, 10,199 গৰাকীৰ মাজৰ পৰা 5,404 গৰাকী লোকৰ নাম বাদ পৰিছে ৷ যিসকলৰ নাম আচলতে বাদ পৰিব নালাগিছিল । ইয়াৰ উপৰিও, 1,032 জন 'ডি' ভোটাৰকো চিনাক্ত কৰা হৈছে 10,199 গৰাকীৰ মাজৰ পৰা ।

লগতে পঢ়ক :মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

উল্লেখ্য যে, পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই প্ৰস্তুত কৰি থৈ যোৱা এন আৰ চি খন এখন গুদ্ধ এন আৰ চি নহয় বুলি বিভিন্ন দল-সংগঠন তথা সচেতন মহলে অভিযোগ কৰি আহিছিল । তাৰ মাজতে উচ্চ ন্যায়ালয়ত এন আৰ চি কৰ্তৃপক্ষই দাখিল কৰা শপতনামাই সকলো কথা পানীৰ দৰে স্পষ্ট কৰি তুলিলে । অৱশ্যে, এই ক্ষেত্ৰত সম্প্ৰতি কোনো মন্তব্য কৰিব খোজা নাই বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ।

লগতে পঢ়ক :তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

ABOUT THE AUTHOR

...view details