অসম

assam

ETV Bharat / state

শুংসূত্ৰ নাই উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন দীপশিখাৰ

পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং (Nehru Institute of Mountaineering) চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই । শোকাৱহ খবৰৰ মাজতে প্ৰায়বোৰৰ সন্ধান ওলাল যদিও সন্ধান ওলোৱা নাই অসমৰ দীপশিখা হাজৰিকাৰ । ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়া দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে ।

By

Published : Oct 6, 2022, 8:36 PM IST

Uttarakhand Glaciar Blast 2022
উত্তৰাখণ্ডৰ হিমস্খলন:সন্ধান ওলোৱা নাই দীপশিখাৰ

গুৱাহাটী, 6 অক্টোবৰ:অলেখ সপোন লৈ উত্তৰাখণ্ডলৈ গৈছিল গুৱাহাটীৰ দীপশিখা হাজৰিকা । সাহসী দীপশিখাই পৰ্বতাৰোহণকেই জীৱনৰ পণ হিচাপে লৈছিল । পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত (Nehru Institute of Mountaineering) নামভৰ্তি কৰিছিল দ্বীপশিখাই ।

এই প্ৰতিষ্ঠানটোৰ এডভাঞ্চ ক'ৰ্ছৰ মুঠ ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক উঠি গৈছিল হিমালয়লৈ । তাৰ পাছতে আহিছিল এক দুঃখবৰ । হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল প্ৰশিক্ষণৰত পৰ্বতাৰোহী দলটোৰ (Uttarakhand Glaciar Blast 2022) । মৃত্যুৰ শোকাৱহ খবৰৰ মাজতে প্ৰায়বোৰৰ সন্ধান ওলাল যদিও সন্ধান ওলোৱা নাই অসমৰ দীপশিখা হাজৰিকাৰ ।

২৮ বছৰীয়া দীপশিখাই চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত (Chandmari Institute of Engineering) চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল ।

উত্তৰাখণ্ডৰ হিমস্খলন:সন্ধান ওলোৱা নাই দীপশিখাৰ

পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত দীপশিখা হাজৰিকা অসম পৰ্বতাৰোহণ সন্থাৰো (Assam Mountaineering Association) প্ৰাক্তন সদস্য। ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল । দীপশিখাৰ পিতৃ গোলাপ হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত ।

যোৱা ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন হোৱা পৰ্বতলৈ ৰাওনা হৈছিল । ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ (Dorkani Glaciers Draupadi Ki Danda Peak) গৈছিল । সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি ওভতাৰ পথত পুৱা প্ৰায় ৮:৪৫ বজাত ভয়াৱহ হিমস্খলনৰ সন্মুখীন হয় । তাৰ পাছত সন্ধানহীন হৈ পৰা দীপশিখাৰ শুংসূত্ৰ এতিয়ালৈকে ওলোৱা নাই (Deepshikha Hazarika is yet to be traced)।

উল্লেখ্য় যে, ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী । বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানতো যথেষ্ট অসুবিধা হৈছে উদ্ধাৰকাৰী দলটোৱে । ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লৈ দীপশিখাৰ পিতৃ আৰু এজন ককায়েকক উত্তৰাখণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে । দীপশিখাৰ পিতৃ আৰু ককায়েক বিমানেৰে নতুন দিল্লীলৈ গৈ অসম ভৱনত নিশাটো কটাই বৃহস্পতিবাৰে এখন বাহনেৰে উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ (Uttarakhands Uttarkashi) ৰাওনা হৈছে ।

ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়া দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে । সন্ধানহীন হৈ থকা দীপশিখাক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছে অসম পৰ্বতাৰোহণ সন্থাই । তেওঁৰ সন্ধানহীনৰ খবৰে উদ্বিগ্ন কৰিছে পৰ্বতাৰোহণ সন্থাকো ।

লগতে পঢ়ক:টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা

ABOUT THE AUTHOR

...view details