অসম

assam

ETV Bharat / state

ঐতিহাসিক দীপৰ বিলত পৰম্পৰাগত মাছ মৰা উৎসৱ - জীৱিকা নিৰ্বাহ

আজি দীপৰ বিলত অনুষ্ঠিত উদযাপিত হ'ল পৰম্পৰাগত মাছ মৰা উৎসৱ ৷ পূৰ্বৰে পৰা চলি অহা এই উৎসৱত দেখিবলৈ পোৱা সহস্ৰাধিক লোকৰ ভিৰ ৷

পৰম্পৰাগত মাছ মৰা উৎসৱ
পৰম্পৰাগত মাছ মৰা উৎসৱ

By

Published : Jan 5, 2020, 3:15 PM IST

গুৱাহাটী, 5 জানুৱাৰী:দেওবাৰে পুৱাৰে পৰা দীপৰ বিলত এক উখল-মাখল পৰিৱেশ ৷ সকলোৰে হাতে হাতে কেৱল মাছ আৰু মাছ ৷ কিয়নো দীপৰ বিলত আজি একেলগে মাছ মাৰিছে সহস্ৰাধিক মাছমৰীয়াই ৷ ঐতিহাসিক দীপৰ বিলৰ আজিমাছ মৰা উৎসৱ৷ দীপৰ বিলৰ দাতিকাষৰীয়া লোকসলকে পূৰ্বৰে পৰা পৰম্পৰাগতভৱে পালন কৰি আহিছে এই সমূহীয়া মাছ মৰা উৎসৱ ৷ স্থানীয় লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাওঁ সমূহ নতুনকৈ মেৰামতি কৰি, ৰং বুলাই সাজি তুলিছে ন ৰূপত, সাজু কৰিছে মাছ মৰা সজুলি সমূহো ৷

দীপৰ বিলত এক উখল-মাখল পৰিৱেশ

আজি ঐতিহাসিক বিলখনত মাছ মাৰিবলৈ নামিল প্ৰায় 300 খন নাও, প্ৰত্যেকখন নাৱত দুজন-তিনিজনকৈ মাছমৰীয়া ৷ দীপৰ বিলৰ দাতিকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ মাৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ দীপৰ বিলত ৰৌ, ভকুৱা, চিতলকে ধৰি মেলি দিয়া হৈছিল প্ৰায় আঢ়ৈ কুইন্টল মাছৰ পোনা ৷ এই পোনাবোৰ দীপৰ বিলত এৰি দিয়াৰে পৰা প্ৰায় 4 মাহ পৰ্যন্ত দীপৰ বিলত কোনো মাছমৰীয়াই মাছ মৰা নাছিল ৷

পৰম্পৰাগত মাছ মৰা উৎসৱ ঐতিহাসিক দীপৰ বিলত

এনেদৰে পৰম্পৰাগতভাৱে ধৰা মাছবোৰ বিভিন্ন বজাৰত মুকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নকৰাকৈয়ে আনুমানিক হিচাপত বিক্ৰী কৰে ৷ যাৰ বাবে এই বজাৰত সমাগম ঘটে অসংখ্য গ্ৰাহকৰ ৷ ভোগালী বিহুৰ প্ৰাক ক্ষণত এই মাছ ধৰা উৎসৱে সকলোৰে মাজত এক উলাহৰ উন্মেষ ঘটাইছে ৷ কিন্তু গ্ৰাহকৰ মতে, পূৰ্বতকৈ এইবেলি তুলনামূলকভাৱে বৃদ্ধি পাইছে মাছৰ দাম ৷ প্ৰতিকূল বতৰকো নেওচি অধিক দৰত হ'লেও গ্ৰাহকে ক্ৰয় কৰিলে দীপৰ বিলৰ তৃপ্তি ভৰা মাছ ৷

লগতে পঢ়ক:মৰাণত 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'দ্বিতীয় মৰাণ গ্ৰন্থমেলা'

ABOUT THE AUTHOR

...view details