অসম

assam

ETV Bharat / state

Ramsar Site Deepor Beel : দীপৰ বিল সংৰক্ষণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই (Deepor Beel Protection Forum seeks CM intervention) । দ্বৈত ৰে'লপথ নিৰ্মাণেৰে দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ চেষ্টা । এখ সংবাদমেলযোগে দীপৰ বিল সংৰক্ষণৰ দাবী তোলে দীপৰ বিল সুৰক্ষা মঞ্চই ।

Deepor Beel
Deepor Beel

By

Published : Mar 6, 2023, 6:47 PM IST

দীপৰ বিল সুৰক্ষাৰ দাবীত দীপৰ বিল সুৰক্ষা মঞ্চৰ সংবাদমেল

গুৱাহাটী, ৬ মাৰ্চ :দীপৰ বিল সংৰক্ষণৰ দাবীত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে দীপৰ বিল সুৰক্ষা মঞ্চই (Deepor Beel Surakshya Mancha) । দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত গুৱাহাটী পৌৰনিগম কৰ্তৃপক্ষই স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰা, মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱৰ্জনা পেলোৱা বন্ধ কৰা, দ্বৈত ৰে'লপথ নিৰ্মাণৰ উত্তম ব্যৱস্থা গ্ৰহণ কৰা আৰু ২০০২ চনত ৪০০০ হেক্টৰ এলেকা সামৰি দীপৰ বিলক ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি ৰামছাৰ ক্ষেত্ৰ সীমাৰ জোখ-মাখ কৰি ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই (Deepor Beel Protection Forum seeks CM intervention) ।

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে সংবাদমেল সম্বোধন কৰি দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয়, "গুৱাহাটীৰ গাতে লাগি থকা বিশাল আৰ্দ্ৰভূমি হৈছে দীপৰ বিল (urging to save deepor beel) । তথাকথিত উন্নয়নৰ দোহাই দি আৰু চৰকাৰৰ দুমুখীয়া নীতিৰে বিলখনক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে । দ্বৈত ৰে'লপথ নিৰ্মাণ কৰিবলৈ গৈ দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে, ২০০২ চনত ৰামছাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক ঘোষণা কৰা হয় (Ramsar site deepor beel) ।

কিন্তু আজিলৈকে এই এলেকাৰ সীমা নিৰ্ধাৰণ কৰা নহ'ল । তদুপৰি, পশ্চিম বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে প্ৰদূষিত কৰিছে দীপৰ বিলৰ মাটি, বায়ু আৰু পানী । মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱৰ্জনা পেলাই বিলুপ্ত কৰা হ'ল বহু জলজ উদ্ভিদ, মাছকে ধৰি বহু প্ৰজাতিৰ প্ৰাণী । পূৰ্বৰ তুলনাত বৰ্তমান দীপৰ বিলত পক্ষীৰ সংখ্যা কমি আহিছে ।"

তদুপৰি, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বুলিও মন্তব্য কৰে দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই । আনহাতে, ডাম্পিং গ্ৰাউণ্ডক লৈও সন্তুষ্ট নহয় দীপৰ বিল সুৰক্ষা মঞ্চ । ইফালে জাবৰ নিষ্কাশনৰ প্ৰক্ৰিয়া বিকেন্দ্ৰীকৰণ কৰিবলৈও সংবাদমেলযোগে তেওঁ দাবী জনায় ।

লগতে পঢ়ক :Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

ABOUT THE AUTHOR

...view details