গুৱাহাটী,26 মাৰ্চঃ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ কোভিড-১৯ৰ আতংক ৷ এই ভাইৰাছ প্ৰতিৰোধৰ মূল উপায় হৈছে সামাজিক দুৰত্ব বজাই ৰখা। যাৰ বাবে সমগ্ৰ দেশতে ২১ দিনৰ লক ডাউন দিছে কেন্দ্ৰীয় চৰকাৰে। লক ডাউনৰ সময়চোৱাত ৰাইজলৈ বিশেষ আহ্বান অভিনেত্ৰী গায়ত্ৰী মহন্তৰ। স্বাস্থ্য বিভাগে ৰাইজক প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে। লক ডাউনৰ সময়চোৱাত ঘৰতে থাকি ভয়াৱহ কভিড-১৯ৰ শিকলিডাল ছিঙি পেলোৱাৰ বাবে ৰাইজলৈ আহ্বান জনাই অভিনেত্ৰী গায়ত্ৰী মহন্তই।
ইফালে লক ডাউনৰ সময়ত গৃহবন্দী হৈ আছে জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকা ৷ ব্যস্ততাৰ বাবে পাকঘৰত সোমাবলৈ সময় নোপোৱা দীপলিনা ডেকাই এই সময়ছোৱাত পাকঘৰত সুস্বাদু খাদ্য ৰন্ধাত ব্যস্ত হৈ পৰিছে । আহক চাওঁ লক ডাউনৰ সময়ত কি কৰিছে দীপলিনা ডেকাই ৷