গুৱাহাটী,৬ ফেব্ৰুবাৰী :কোকিলকণ্ঠী গায়িকা, ভাৰত ৰত্ন লতা মংগেশকাৰৰ বিয়োগত (Lata Mangeshkar passes away) শোকস্তব্ধ সমগ্ৰ দেশবাসী । বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় (Sarbananda Sonowal condoles the death of Lata Mangeshkar)।
RIP Lata Mangeshkar: লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ বিভিন্নজনৰ তেওঁ কয় যে শিল্পীগৰাকী বিয়োগ সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি । এয়া এটা যুগৰ অৱসান বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । এই মুহূৰ্তত শিল্পীগৰাকীৰ অজস্ৰ গুণমুগ্ধলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।
ইফালে মাজুলীৰ দক্ষিণ পাট গৃহাস্বমী সত্রৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়েও বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । সত্ৰাধিকাৰ গৰাকীয়ে শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰে ।
শিল্পীগৰাকীৰ মৃত্যু সমগ্ৰ সংগীতজগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ক'ভিডত আক্ৰান্ত হৈ প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । অৱশেষত দেওবাৰে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক :সাংবাদিক মুনীন্দ্ৰ দাসলৈ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা