অসম

assam

ETV Bharat / state

ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ - হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

ৰাজ্যত সামগ্ৰিকভাৱে ১৯ শতাংশলৈ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । লখিমপুৰ জিলাত বৰষুণৰ পৰিমাণ ৫৫ শতাংশলৈ হ্ৰাস । বৰষুণৰ অভাৱত পথাৰত ছিৰাল ফাঁট। মূৰে-কপালে হাত দিছে কৃষকে । সাধাৰণ অৱস্থাৰ ৭৪২.৩ মিলিমিটাৰ বৰষুণৰ বিপৰীতে হৈছে ৫৯৭.৭ মিলিমিটাৰ বৰষুণ । ​

rainfall in Assam
ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

By

Published : Jul 29, 2021, 8:09 PM IST

গুৱাহাটী, ২৯ জুলাই :কৃষি প্ৰধান ৰাজ্যখনত বতৰৰ ওপৰতেই নিৰ্ভৰ কৰে কৃষিকাৰ্য । কিন্তু এইবাৰ বতৰে বিধি পথালি দিছে কৃষিকাৰ্যত । এইবাৰ ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । বিভিন্ন জিলাত বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট ।

ক'ভিড (Covid) মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ মাজত প্ৰকৃতিৰ কাল ৰূপত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষক ৰাইজ । মৌচুমীৰ আগমনৰ পাছতো ৰাজ্যত উদ্বেগজনকভাৱে হ্ৰাস পোৱা বৰষুণে বিপাঙত পেলাইছে কৃষকক । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে এইবাৰ ৰাজ্যৰ বিভিন্ন জিলাত ৫৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে বৃষ্টিপাত । আনহাতে ৰাজ্যত এইবাৰ সামগ্ৰিকভাৱে বৰষুণৰ পৰিমাণ ১৯ শতাংশ হ্ৰাস পাইছে ।

ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

পহিলা জুনৰ পৰা বৰ্তমানলৈ হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য সদৰী কৰিছে ।

তথ্য অনুসৰি মৌচুমীৰ সময়ত অসমত স্বাভাৱিক অৱস্থাত ৭৪২.৩ মিলিমিটাৰ বৰষুণ হয় । কিন্তু এইবাৰ এতিয়ালৈকে ৫৯৭.৭ মিলিমিটাৰ বৰষুণ হৈছে । প্ৰাক মৌচুমীৰ সময়তো এইবাৰ বৰষুণৰ পৰিমাণ ২১ শতাংশ হ্ৰাস পাইছিল ।

ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

ৰাজ্যৰ বহু কেইখন জিলাত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । প্ৰাপ্ত তথ্য মতে লখিমপুৰ জিলাত বৰষুণৰ পৰিমাণ সৰ্বাধিক হ্ৰাস পাইছে । জিলাখনত বৰষুণৰ পৰিমাণ ৫৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে । আনহাতে বৰষুণৰ পৰিমাণ ধুবুৰীত ৫৪ শতাংশ, বঙাইগাঁও-মৰিগাঁৱত ৫০ শতাংশ, দৰঙত ৪৮ শতাংশ, ডিব্ৰগড়ত ৩২ শতাংশ, কামৰূপত ৩১ শতাংশ, কামৰূপ মহানগৰত ২৯ শতাংশ, কাৰ্বি আংলঙত ২২ শতাংশ আৰু যোৰহাটত ২০ শতাংশ হ্ৰাস পাইছে ।

তদুপৰি আন কেইবাখনো জিলাত তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে । স্বাভাৱিক অৱস্থাতকৈ কম বৰষুণ হোৱা জিলাসমূহত কৃষকসকলে অভাৱনীয় সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্য কৰা খেতিয়কসকলে বৰ্তমান পৰিস্থিতিত মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

ইফালে অসমৰ খেতিপথাৰত জলসিঞ্চনৰ পৰ্যাপ্ত সুবিধা নাই । যাৰ বাবে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে কৃষকে । জলসিঞ্চন বিভাগে (Irrigation Department) কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহু আঁচনি এতিয়া অচল । এইখিনি সময়ত বৰষুণে জীপাল কৰা খেতিপথাৰত কৃষকে ভিন্ন প্ৰজাতিৰ ধান খেতিত জড়িত হৈ পৰে । কিন্তু এইবাৰ প্ৰকৃতি যেন কৃষকৰ পক্ষত নাই ।

বিভিন্ন প্ৰান্তৰ পথাৰত ছিৰাল ফাঁট মেলিছে । লক্ষণীয় বিষয় যে, প্ৰতিবছৰে পহিলা জুনৰ পৰা ছেপ্তেম্বৰলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মৌচুমীৰ আগমন হয় । কিন্তু এইবাৰ মৌচুমী আহিল যদিও হ্ৰাস পালে বৰষুণৰ পৰিমাণ । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো এইবাৰ উদ্বেগজনক হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ।

লগতে পঢ়ক :ডিব্ৰুগড়ৰ টেঙাখাটত AJYCPৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details