গুৱাহাটী, 3 ডিচেম্বৰ :দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ আগমন (Migratory Birds in Dipor Bil) । ২০০২ চনতে ৰামছৰ স্থান হিচাপে স্বীকৃতি পোৱা দীপৰ বিললৈ শীতৰ সময়ত ২৬০ বিধতকৈ অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে । কিন্তু কিছু বছৰৰ পৰা পৰিভ্ৰমী চৰাইৰ সংখ্যা কমি আহিছে দীপৰ বিলত (Decrease of Migratory Birds in Dipor Bil) ।
এইবেলি শীত অহাৰ পিছতো দীপৰ বিলত পৰিভ্ৰমী চৰাই বিশেষ ধৰণে দেখিবলৈ পোৱা নাই । বিলৰ ওচৰত বসবাস কৰা একাংশ জনজাতীয় লোকে এইবাৰ বিলত পৰিভ্ৰমী চৰাই কমকৈ দেখিছে বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে । পৰিৱেশ কৰ্মী তথা স্থানীয় বাসিন্দা কন্দৰ্প বড়োয়ে কয় যে, বিলখনৰ পানী দূষিত হৈ পৰাৰ ফলতেই এই বিললৈ পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি হৈছে । যাৰ ফলস্বৰূপে ক্ৰমাৎ বিলত পৰিভ্ৰমী চৰাইৰ আগমন কমি আহিছে ।
ইপিনে দীপৰ বিলৰ সংৰক্ষক প্ৰমোদ কলিতাই কয় যে, চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবে দীপৰ বিলে ধবংসৰ দিশলৈ গতি কৰিছে । পূৰ্বতে দীপৰ বিলত ৪১৪ বিধ জলজ উদ্ভিদ পোৱা গৈছিল । কিন্তু এতিয়া দীপৰ বিলত ১৪ বিধো জলজ উদ্ভিদ পোৱা নাযায় (The number of aquatic plants has come down in dipor bill)। যাৰ বাবে দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ আগমন কমি গৈছে ।
অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ শেহতীয়া অধ্যয়ন মতে, বিলখনত ব্যাপকভাৱে বেদখল হোৱাৰ লগতে প্ৰদূষিত হৈ আহিছে । তথ্য মতে, বিলখনৰ ১৪.১ শতাংশ ভূমি বেদখল হৈছে । শেহতীয়াকৈ বিলখনৰ চৌপাশে গঢ়ি উঠিছে চিমেণ্ট নিৰ্মাণ কৰা উদ্যোগ আৰু শিল ভঙা উদ্যোগ আদি ৷ বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ গঢ়ি উঠাৰ ফলতে বিলখন ভয়ানকভাৱে প্ৰদূষণৰ গ্ৰাসত পৰিছে ।