অসম

assam

ETV Bharat / state

লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত - পৌৰপতিসকলৰ দৰমহা

আনন্দৰাম বৰুৱা বঁটাত(Anundoram Borooah Award) লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক লেপটপৰ পৰিৱৰ্তে দিয়া হ’ব নগদ ১৬ হাজাৰ টকাকৈ ৷ এনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ৷

Anundoram Borooah Award
লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : Jul 5, 2022, 10:34 PM IST

Updated : Jul 6, 2022, 2:47 PM IST

গুৱাহাটী, ৫ জুলাই: জনতা ভৱনত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam cabinet decision) । সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৈঠকৰ অন্তত সংবাদমেলযোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । ইয়াৰ ভিতৰত পূৰ্বৰ পৰা চলি অহা আনন্দৰাম বৰুৱা বঁটাত(Anundoram Borooah Award) লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক লেপটপৰ পৰিৱৰ্তে নগদ ১৬ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত । সেইদৰে কেবিনেটতে ৰাজ্যৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতি সকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে ।

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

পৌৰপতিসকলৰ দৰমহা ১০ হাজাৰৰ পৰা ১৫ হাজাৰ আৰু উপ-পৌৰপতি সকলৰ দৰমহা ৭ হাজাৰৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে । তদুপৰি সদস্যৰ দৰমহা ৫ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে । আনহাতে প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ বিধবা পত্নীসকলৰ বাবে সম্পত্তি কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰিছে ।

আনহাতে আজিৰ ৰাজ্যিক কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ স্বীকৃতি প্ৰদান কৰিছে । ৫ টা জনগোষ্ঠীৰ লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি । গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দলৈ এই স্বীকৃতি । এম এছ এম ই খণ্ডৰ উদ্যোগী সকলৰ বাবে চৰকাৰে ১০০কৌটি টকাৰ কৰ্পাছ ফাণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰিবহন বিভাগৰ বেয়া যান-বাহনসমূহৰ ক্ষেত্ৰত কেবিনেটে সিদ্ধান্ত । এতিয়াৰে পৰা ফিটনেচ নথকা গাড়ী স্ক্ৰেপ হিচাপে গণ্য কৰা হ'ব ।

চৰকাৰৰ ১৫ বছৰ পূৰণি গাড়ী স্ক্ৰেপ হিচাপে চিহ্নিত হ'ব । পুৰণি বাহনসমূহে অধিক প্ৰদূষণৰ সৃষ্টি কৰে । সেয়ে এনে বাহনসমূহ নষ্ট কৰা, পুনৰ ব্যৱহাৰ যোগ্য কৰি তোলা সন্দৰ্ভত পলিচী গ্ৰহণৰ বাবে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

পুৰণি বাহন নষ্ট কৰাৰ পাছত একেজন মালিকে নতুন বাহন কিনিলে নতুন বাহনখনত ২৫ শত‍াংশ পৰ্যন্ত ৰেহাই পাব । নতুনকৈ হ'বলগীয়া পৰিবহণ বিভাগৰ পলিচী অনুসৰি এই বিষয় সামৰি লোৱা হ'ব । ইফালে ক'ভিডক লৈ চৰকাৰ উদ্বিগ্ন যদিও ক'ভিদৰ শেহতীয়া ভেৰিয়েন্ট গুৰুত্বপূৰ্ণ তথা মাৰাত্মক নহয় বুলি সদৰি কৰিছে ।

লগতে পঢ়ক:আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

Last Updated : Jul 6, 2022, 2:47 PM IST

ABOUT THE AUTHOR

...view details