অসম

assam

By

Published : Dec 2, 2021, 9:24 PM IST

ETV Bharat / state

Assam Prakashan Parishad Literary Award : প্ৰথমবাৰলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হ’ব প্ৰকাশকক

সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সাহিত্যিক তথা গ্ৰন্থক বিশেষ বঁটাৰে সন্মানিত কৰাতো কোনো নতুন কথা নহয় ৷ কিন্তু এইবাৰ সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগণিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে অসম প্রকাশন পৰিষদে । সৃষ্টিশীল লেখকৰ লগতে এইবাৰ প্ৰকাশন গোষ্ঠীকো সমমর্যদাৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে ৷ এনেদৰে বঁটা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ ইতিহাসত এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ'ব ।

Assam Prakashan Parishad Literary Award
প্ৰথমবাৰলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হ’ব প্ৰকাশকক

গুৱাহাটী, ২ ডিচেম্বৰ :অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা(Assam Prakashan Parishad Literary Award 2021) প্ৰৱৰ্তন কৰা হৈছে । সাহিত্যৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থ লেখকৰ মাজৰ পৰা এগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ'ব । সাহিত্য বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্ৰকাশককো সমমর্যদাৰে এটা বঁটাৰে সন্মানিত কৰা হ'ব । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বৃহস্পতিবাৰে সদৰি কৰে এই কথা ।

অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত বৃহস্পতিবাৰে পৰিষদৰ সচিব প্ৰমোদ কলিতা(Assam Prakashan Parishad Secretary Pramod Kalita)ই এখন সংবাদমেল আয়োজন কৰি এই তথ্য সদৰি কৰে ৷ প্ৰমোদ কলিতাই উল্লেখ কৰা অনুসৰি এই দুয়োটা বঁটাৰ লগত নগদ দুই লাখ টকা আৰু একোখনকৈ প্ৰশস্তি-পত্ৰ দিয়া হ’ব । উল্লেখ্য যে, সাহিত্যৰ ক্ষেত্ৰখনত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণ থকা যদিও লেখকৰ সমান্তৰালকৈ প্ৰকাশককো এনেদৰে বঁটা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ ইতিহাসত এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ'ব ।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা

সৃষ্টিশীল লেখক আৰু প্ৰকাশকসকলক উৎসাহিত কৰাৰ বাবেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা উচিত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰামৰ্শ দিয়াৰ কথা সংবাদমেলত বিস্তৃতভাৱে অৱগত কৰে সচিব কলিতাক । কলিতাই এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত উল্লেখ কৰে । তেওঁ উল্লেখ কৰা অনুসৰি, ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থহে এই বঁটাৰ বাবে নিৰ্বাচিত হ'ব ।

অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্ৰ-পত্ৰ প্ৰচাৰ মাধ্যমযোগে প্ৰকাশ কৰা হ'ব আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে এই প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব । লেখক-প্ৰকাশকসকলে অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট www.publicationboardassam.com ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব । প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি ১০ ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব ।

লগতে পঢ়ক :29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

ABOUT THE AUTHOR

...view details