গুৱাহাটী, 30 জুন : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠকখন বুধবাৰে অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত কেবিনেটৰ পিছতে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী গৰাকীৰ হৈ এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আৰ্মছ বেটালিয়ানৰ কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শক পৰ্যায়লৈ সকলোকে এমাহৰ বাবে ঘৰলৈ যোৱাৰ বাধ্যতামূলক চুটি দিয়া হ'ব । পৰিয়ালৰ লগত কোৱাৰ্টাৰ তথা কৰ্মস্থলীত থকাসকলক ১০ দিনৰ বাবে চুটি দিয়া হ’ব । সেইদৰে সুলভ মূল্যৰ বিপণী আৰু সমবায় সমিতিৰ বাবে কেবিনেটত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সেই অনুসৰি, সুলভ মূল্যৰ ব্যৱসায়ীসকলে এতিয়াৰে পৰা প্ৰতি কুইণ্টল চাউলৰ বাবদ কমিছন হিচাপে পূৰ্বৰ ১০০ টকা ১০ পইচাৰ বিপৰীতে লাভ কৰিব ১৪৩ টকা ৷ ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিয়ে এতিয়াৰে পৰা বছৰি ৫ লাখ টকাকৈ আৰ্থিক অনুদান লাভ কৰিব । পূৰ্বে এনে অনুদান দিয়া হোৱা নাছিল ।
আগন্তুক বাজেটৰ পৰা সমবায় সমিতিসমূহে এই অনুদান লাভ কৰিব । তদুপৰি পৰিবহণৰ ক্ষেত্রত থকা ঠিকা এতিয়াৰে পৰা অগ্ৰাধিকাৰৰ ভিত্তিত সমবায় সমিতিসমূহে লাভ কৰিব । এইক্ষেত্রত জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হ'ব ।